Muktabul's Hajj and Umrah((May/2022-Shawwal/1443)
১-জেদ্দাহ
(May/2022-Shawwal/1443)
।।।
তাৰিখ ৮, বহু সময় কথা পতা হৈছিল।
তাৰিখ ৯, ৰাতি দুটা বজাত এৰ্লামৰ শব্দত সাৰ পাই পৰিৱাৰকো জগাই দিলো। ৰাতি আঢ়ৈটা বজাত এয়াৰ পৰ্টলৈ বুলি তেওঁলোক আহিব। যিহেতু আজাৰাৰে পাৰ হ'ব। গতিকে আজাৰা চিভিল হাস্পতালৰ ভি আই পি ৰ'ডৰ কাষতে ছালাম জনাম বুলিয়েই ৰাতি পৰিৱাৰৰ সৈতে উঠি বিয়াগোম গেটখন খুলি গাড়ীখন ৰিডি-স্তেদি-গ'- কৰিবলৈ প্ৰস্তুত কৰি ৰাখিলো।
।।।
কথা আছিল তেখেতে ককায়েক ঘৰৰ পৰা ওলাই অহাৰ সময়ত ফোন এটা কৰিব, যাতে মই ৰাস্তাৰ মূৰলৈ ওলাই আহিব পাৰো। কাৰণ পুৱা চাৰিটাত এয়াৰ পৰ্টত তেওঁলোকে ৰিপৰ্ট কৰিব লাগে।
।।।
ৰাতি তিনিটা বাজিল...
ফোন নাহিল।
চাৰে-তিনি বাজিল...
নাই, ফোনটো ৰিং নহ'ল।
ময়েই ফোন এটা মাৰিলো....
নধৰিল।
অলপ পাছত আকৌ ফোন কৰিলো....
অফ কৰি দিলে।
আ'ৰে, কি হ'ল...
ফোন নধৰেযে।
আকৌ ফোন কৰিলো.....
এইবাৰ ধৰিলে।
এটা সত্য ভাগৰৰ টুপনীক কুঠাৰাঘাট কৰা আধা ফুটা মাত....
কোন?
অ' .....
মই ক'লো উঠাই নাইযে....
নেযাই নেকি?
আৰে ভাই কাইলৈ ১০ তাৰিখেহে যাম।
।।। syedraf ।।।
contd...#muktabulhussain
++
২-জেদ্দাহ
(May/2022-Shawwal/1443)
।।।
তাৰিখ ১০,ফোন কৰিছিলো।
দিল্লীৰ ৰাজপথত বাহনত সোতৰজনীয়া গ্ৰোপত গৈ আছে।
ক'লে.....
দিনৰ চাৰে-চাৰি বজাত জেদ্দাহ ফ্লাইট আছে,
পাচৰ পৰা ছয় ঘণ্টা লাগিব।
।।।
পাছ বেলা পাচ বজাত ফোন কৰিছিলো....
ফোন ফ্লাইট মোদ।
।।।
তাৰিখ ১১, কোনো খবৰ নাই...
ৱাষ্টছআপত মেচেজ দিলো। তাৰ নতুন ফোন নং বিচাৰি।
তাৰিখ ১২, ৱাষ্টছআপত মেচেজত ক'লে...
ইম' ডাউন লড কৰি লওঁক কথা পাতিম।
কৰিলো.....
ক'ল এটা কৰি চালো....
ৰিং কৰিছে....
কাটি দিলো....
সময় উলিয়াই নিশ্চয় তেখেতে ফোন কৰিব।
।।। syedraf ।।। #muktabulhussain
......
Ehram should be cycology
https://ahsana3923.blogspot.com/2022/05/ehramthe-hajj-garments.html?m=1
.....xx.
৩-জেদ্দাহ-মছজিদুল হাৰাম
(May/2022-Shawwal/1443)
।।।
তাৰিখ ১২, এইমাত্ৰ দিনৰ ১২:৩০ বজাত ভিডিঅ' ক'লত কিছু কথা পাতিলো।
সেই দিনাই জেদ্দাদৰ পৰা গোটেই দলটো বাছেৰে মছজিদুল হাৰামৰ নিছেই ওচৰৰ হোটেলত থাকিল। বাছ ৰেদি হৈয়েই আছিল।
।।।
ক'লে....
তাৱাফ কৰিলে।
পৰিৱাৰৰ সৈতে দুটা ছাগলী আই.এন.আৰ ১৫,০০০/-টকাত নিজ হাতে হালাল কৰি কোৰবানী দিলে।
ক'লে....
ভাল লাগিছে। এক্সছেপনেল ট্ৰু কাবা দৰ্শন।
লগতে ক'লে....
ৰাতিপুৱা কথা পাতিব।
।।।
।।। syedraf ।।। #muktabulhussain
..
৪-জেদ্দাহ-মছজিদুল হাৰাম
(May/2022-Shawwal/1443)
।।।
তাৰিখ ১৩, সময় প্ৰায় চাৰে এঘাৰ, শুক্ৰবাৰ।
ইম'ত এটা ভিডিঅ'(🕋) আহিছে....
চাবলৈ ধৰোঁতেই তেখেতৰ ভিডিঅ ক'ল আহিল..
ৰিছিভ কৰিলো।
তেতিয়া তাত প্ৰায় পুৱা ন'টামান বাজিছে বুলি ক'লে।
সুধিলো...
আজিৰ প্ৰগ্ৰেম কি?
ক'লে....
কাবাত তাৱাফ, তাহাজ্জুদ, ফজৰ জামাতত পঢ়িলে।
লগতে ক'লে ইমামে মক্কা, হজ, ওমাৰাহ, ইব্ৰাহিম ওপৰত চিলেক্টেত আয়াতেৰে ছালাত পঢ়াইছে।
পুৱা হোটেলৰ ৰুমলৈ আহি শুই আছে...
তাৰ সময় ন'টাত মোলৈ ভিডিঅ' ক'ল কৰিছে।
সুধিলো, নেক্সট প্ৰগ্ৰেম কি?
ক'লে...
মিনা মুছদালিফা মিনা আদিলৈ লৈ যাব।
শেষত মদিনা।
কথাৰ মাজতে তেখেতে দিয়া সৰু ভিডিঅ'টো চাবলৈ ক'লে।
চালো.....
চমৎকাৰ, আৰবিত দিয়া সৰু ভাষণ....
ইব্ৰাহিম, ইছমাইল(আঃছাঃ) লগতে আনুষংগিক দোৱা সন্নিবিষ্ট এক ভাল লগা ভাষণ।
ভিডিঅ'টোত লাইক এটা মাৰি কথাৰ মাজলৈ ঘূৰি আহিলো।
ছুলি খুৰুৱাৰ কথা সুধিলো....
ক'লে....
চেকেণ্ড টাইম কোৰবানীৰ পাছতেই খুৰালে।
লগৰকেইজনে কথাবোৰ খাপছাৰা হোৱাত একো সুধা নাইনে?
ক'লে....
কোনোৱে কাকো নুসুধে, সকলো নিজমতত ব্যস্ত।
কেলেই, আজিযে জুম্মা আছে?
হঠাৎ গ্ৰোপৰ কোনোবা এজনে সুধিছে....
জোনাব, খোতবাহ কেইটাত হ'ব....
উত্তৰ দিলে....
মই ক'ব নোৱাৰো দেই।
মই হাঁহি দিলো...
মুঠতে পাচ মিনিটমান আমি হাঁহিয়েই থাকিলো।।
.
।।। syedraf ।।। #muktabulhussain
.
৫-জেদ্দাহ-মছজিদুল হাৰাম
(May/2022-Shawwal/1443)
।।।
তাৰিখ ১৪, এইমাত্ৰ দিনৰ ১১:২০ত ভিডিঅ'কল কৰিছিলো।
ৰিং কৰি আছে....
ধৰা নাই। হয়টো ব্যস্ত।
।।।
মন কৰিছে নিশ্চয়, লেখাৰ আৰম্ভনিতে লিখা আছে:
মে'/২০২২-ছাওৱাল/১৪৪৩।
অৰ্থাৎ ইয়াত উল্লেখ কৰা তাৰিখবোৰ ২০২২চনৰ মে' মাহ লগত আৰবিক মাহ হৈছে ১৪৪৩ৰ ছাওৱাল মাহ।
মই কথোপকথন কৰি থকা ব্যক্তিগৰাকীয়ে মক্কাত কি কৰিছে...
ভাবিছে....
ওমৰাহ কৰিছে।
ওহো ই সম্পূৰ্ণ শুদ্ধ নহয়।
।।।
বুজাৰ সুবিধাৰ্থে ইংৰাজী মাহৰ লগত আৰবিক মাহ মিলাই লওক। ধৰক ২০২২ চনৰ জানুৱাৰী/মহৰম আৰু ডিচেম্বৰ/জিলহাজ মাহ।
এতিয়া যদি কোঁৱা হয়, বছৰৰ চাৰিটা একেলগে (conjugative📍) থকা মাহ "হুৰুম" মাহ। তেতিয়া কি বুজিব?
নিশ্চয় ২০২২ৰ যিকোনো চাৰিটা মাহ (কোৰআন-৯:৩৬)। ইয়াৰে ডিচেম্বৰ/জিলহাজ মাহ ফিক্স(কোৰআন-২:১৮৯)।
এতিয়া ইয়াৰ লগত একেলগে আৰু তিনিটা মাহ, মুঠ চাৰিটা মাহ "হুৰুম" মাহ। গতিকে এই চাৰিমাহ ২০২২ৰ ভিতৰতেই হ'ব লাগিব। ২০২২/২০২৩ বছৰৰ বা একেলগে নহৈ অৰ এটা তৰ কেইটামান লগ কৰি "হুৰুম" মাহ বনালে নহ'ব।
ইয়াৰ কাৰণটো হৈছে, হজ-ওমৰাহ কেৱল-কেৱল মাত্ৰ আল্লাহৰ বাবে(কোৰআন-৬:১৬২) আৰু ইয়াৰ গাইদ লাইন কেৱল কোৰআনতেই দিয়া আছে।
(📍A key word in 9:5 related to this matter is the word 'insalakha'. The word literally means 'skinned'. This is the sense of how we skin a snake for example. The movement of skinning a snake means we would remove the skin gradually from one end to the other, or in other words; a gradual and consecutive movement).
।।।
আজি(১৩/০৫/২০২২) আমাৰ ইয়াৰ সময়মতে দিনৰ প্ৰায় তিনিটা বজাত তেখেতৰ ভিডিঅ'ক'ল আহিল।
ধৰিলো...
বহু সময় কথা পতা হ'ল।।
।।। syedraf ।।। #muktabulhussain
Contd....
Comments
Post a Comment