31:6(lahuwal-hadith)ref:So-called Hadith & Sunna:Satanic Innovations
*So-called Hadith & Sunna:Satanic Innovations
।।।
এইবোৰ আল্লাহৰ আয়াত{revelations (Quran)}, যিবোৰ আমি তোমাৰ ওচৰত যথাযথভাৱে তিলাৱত কৰিছো। এতেকে সিহঁতে আল্লাহ আৰু তেওঁৰ আয়াতৰ পিছত কোন হাদীছৰ (কথাৰ) ওপৰত বিশ্বাস স্থাপন কৰিব?৪৫:৬
এই (কোৰআন) এটা ৰচনা কৰা হাদীছ নহয়, বৰঞ্চ ইয়াৰ আগত যি আহিছিল তাৰ সত্যতা, সকলো বস্তুৰ বিশদ বিৱৰণ, আৰু বিশ্বাস কৰা লোকসকলৰ বাবে হিদায়ত আৰু দয়া। ১২:১১১
আৰু মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে যিসকলে আল্লাহৰ পথত বাধা দিয়াৰ বাবে ভিত্তিহীন হাদীছৰ(لَهْوَ الْحَدِيثِ) ব্যৱসায় কৰে।৩১:৬
পূৰ্বে যিসকলে অতিবাহিত হৈছে সিহঁতৰ বিষয়েও এইটোৱেই আছিল আল্লাহৰ ৰীতি(سُنَّةَ اللَّهِ)। তুমি কেতিয়াও আল্লাহৰ ৰীতিত(لِسُنَّةِ اللَّهِ) কোনো পৰিবৰ্তন নাপাবা।৩৩:৬২
।।।
কোৰআনে আমাক জনাইছে যে প্ৰতিজন নবীৰ কিছুমান শত্ৰু, যাক "মানৱ আৰু জিন চয়তান" বুলি বৰ্ণনা কৰা হৈছে, তেওঁলোকে মিছা কথা ৰচনা কৰি নবীৰ ওপৰত আৰোপ কৰিব:
আৰু এইদৰে আমি মানৱ আৰু জ্বিনৰ মাজৰ পৰা চয়তানসকলক প্ৰত্যেক নবীৰ শত্ৰু বনাইছো, প্ৰতাৰণাৰ উদ্দেশ্যে সিহঁতে ইজনে সিজনক চমকপ্ৰদ বাক্যৰ কুমন্ত্ৰণা দিয়ে। তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে সিহঁতে এইবোৰ নকৰিলেহেঁতেন, গতিকে তুমি সিহঁতক আৰু সিহঁতৰ মিছা ৰটনাক পৰিত্যাগ কৰা।
আৰু সিহঁতে এই কাৰণে কুমন্ত্ৰণা দিয়ে যে, যিসকলে আখিৰাতৰ প্ৰতি ঈমান নাৰাখে সিহঁতৰ মন যাতে সেই চমকপ্ৰদ কথাৰ প্ৰতি অনুৰাগী হয় আৰু যাতে সিহঁতে পছন্দ কৰে; আৰু সিহঁতে যি অপকৰ্ম কৰে সেইটোৱেই যেন সিহঁতে কৰি থাকে।৬:১১২-১১৩
ওপৰৰ কথাবোৰৰ লগে লগে আল্লাহে ঘোষণা কৰে:
৬:১১৪
أَفَغَيْرَ اللَّهِ أَبْتَغِي حَكَمًا وَهُوَ الَّذِي أَنْزَلَ إِلَيْكُمُ الْكِتَابَ مُفَصَّلًا ۚ وَالَّذِينَ آتَيْنَاهُمُ الْكِتَابَ يَعْلَمُونَ أَنَّهُ مُنَزَّلٌ مِنْ رَبِّكَ بِالْحَقِّ ۖ فَلَا تَكُونَنَّ مِنَ الْمُمْتَرِينَ
(কোৱা) ‘মই আল্লাহৰ বাহিৰে আন কাৰোবাক ফয়চালাকাৰী(আইন প্ৰণেতা) হিচাপে অন্বেষণ কৰিম নেকি? অথচ তেৱেঁই তোমালোকৰ প্ৰতি বিস্তাৰিত কিতাব অৱতীৰ্ণ কৰিছে’! আৰু আমি যিসকলক কিতাব প্ৰদান কৰিছো সিহঁতে জানে যে, নিশ্চয় এইখন তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা যথাযথভাৱে নাযিলকৃত। গতিকে তুমি সন্দেহ পোষণকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’বা।৬:১১৪
ওপৰৰ শব্দকেইটাৰ বাৰ্তা ইয়াতকৈ স্পষ্ট হ’ব নোৱাৰে। ৬:১১২ আৰু ৬:১১৩ আয়াতত দিয়া শব্দবোৰে হজৰত মহম্মদৰ(আ:ছা:) মৃত্যুৰ পিছত কি হৈছিল তাক সঠিকভাৱে চিত্ৰিত কৰিছে; হাদীছ (মৌখিক) আৰু ছুন্নাত (কৰ্ম) আৱিষ্কাৰ কৰি নবীৰ ওপৰত আৰোপ কৰা হৈছিল। হাদীছ আৰু ছুন্নাতা চয়তানীৰ নতুনত্ব কাৰণ ইহঁতে:
১- কোৰআন সম্পূৰ্ণ, নিখুঁত, সম্পূৰ্ণ বিশদ, আৰু ধৰ্মীয় নিৰ্দেশনাৰ একমাত্ৰ উৎস হ’ব বুলি ঐশ্বৰিক দাবীক অৱজ্ঞা কৰা।
২- নবীৰ বিৰুদ্ধে নিন্দা কৰা আৰু তেওঁক এনে এজন ব্যক্তি হিচাপে চিত্ৰিত কৰা যিয়ে আল্লাহৰ আজ্ঞা অমান্য কৰিছিল যে কেৱল তেওঁৰ ওপৰত অৱতীৰ্ণ হোৱা কোৰআন মানি চলিব লাগে (*৪৬:৯), আৰু কোনো ব্যক্তিগত শিক্ষা নিদিব আৰু ঈশ্বৰৰ ওপৰত আৰোপ নকৰিবলৈ দিয়া আজ্ঞা (**৬৯:৪৪-৪৬)।
৩- অন্ধবিশ্বাস, অজ্ঞানতা, আৰু অপ্ৰতিৰক্ষা কৰিব নোৱাৰা অৰ্থহীন পৰম্পৰাৰ ওপৰত ভিত্তি কৰি মিছা মতবাদ সৃষ্টি কৰা।
কিছুমান মুছলমানে আপোচ কৰে: "যদি এটা হাদীছ কোৰআনৰ লগত একমত হয় আমি তাক মানি লম, আৰু যদি ই কোৰআনৰ বিৰোধিতা কৰে তেন্তে আমি তাক নাকচ কৰিম!" এনে ভিত্তিই প্ৰমাণ কৰে যে এই লোকসকলে আল্লাহৰ এই দাবীক বিশ্বাস নকৰে যে কোৰআন "সম্পূৰ্ণ, নিখুঁত আৰু সম্পূৰ্ণ বিশদ"
("complete, perfect and fully detailed.")। যদি তেওঁলোকে বিশ্বাস কৰিছিল যে কোৰআনটোৱেই তেওঁলোকৰ সকলো প্ৰয়োজন, তেন্তে তেওঁলোকে কিয় কোনো হাদীছৰ প্ৰয়োজন হ’ব, যদিও সেয়া কোৰআনৰ লগত একমত হ’লেও?
যি মুহূৰ্তত তেওঁলোকে কোৰআনৰ বাহিৰে আন যিকোনো বস্তুৰ পৰা নিৰ্দেশনা বিচাৰে, সিমানেই "সঠিক" যেন নালাগিলেও, তেওঁলোক চয়তানৰ ফান্দ আৰু শ্বিৰ্ক কৰিবলৈ আমন্ত্ৰণত পৰে (∆৪২:২১)। তেওঁলোকে কোনো হাদীছ মানি চলা নহ’বলৈ ঈশ্বৰৰ আজ্ঞাক প্ৰত্যাখ্যান কৰাটো ঘোষণা কৰিব (∆∆৪৫:৬) আৰু তেওঁলোকে প্ৰমাণ কৰে যে তেওঁলোকে কেৱল কোৰআনটোৱেই যথেষ্ট বুলি সন্তুষ্ট নহয়।
The moment they seek guidance from anything besides the Quran, no matter how "right" it seems, they fall into Satan's trap and invitation to commit shirk (42:21). They would declare their rejection of God's command not to follow any hadith (45:6) and they demonstrate that they are not satisfied that the Quran alone is sufficient.
।।।
(৪৬:৯*
قُلْ مَا كُنْتُ بِدْعًا مِنَ الرُّسُلِ وَمَا أَدْرِي مَا يُفْعَلُ بِي وَلَا بِكُمْ ۖ إِنْ أَتَّبِعُ إِلَّا مَا يُوحَىٰ إِلَيَّ وَمَا أَنَا إِلَّا نَذِيرٌ مُبِينٌ
কোৱা, ‘ৰাছুলসকলৰ মাজত ময়েই নতুন নহয়। মই এই কথাও নাজানো যে, মোৰ আৰু তোমালোকৰ বিষয়ে কি কৰা হ’ব। মই কেৱল মোৰ প্ৰতি যি অহী কৰা হয় সেইটোৰহে অনুসৰণ কৰো। মই এজন সুস্পষ্ট সতৰ্ককাৰী মাত্ৰ’।
.
৬৯:৪৪-৪৬**
وَلَوْ تَقَوَّلَ عَلَيْنَا بَعْضَ الْأَقَاوِيلِ
যদি তেওঁ আমাৰ নামত কোনো মিছা ৰচনা কৰিলেহেঁতেন,
৬৯:৪৫
لَأَخَذْنَا مِنْهُ بِالْيَمِينِ
তেন্তে নিশ্চয় আমি তাক সোঁ হাতেৰে ধৰিলোহেঁতেন,
৬৯:৪৬
ثُمَّ لَقَطَعْنَا مِنْهُ الْوَتِينَ
তাৰ পিছত আমি তাৰ হৃদপিণ্ডৰ শিৰা কাটি দিলোহেঁতেন,
।।।
৪২:২১∆
أَمْ لَهُمْ شُرَكَاءُ شَرَعُوا لَهُمْ مِنَ الدِّينِ مَا لَمْ يَأْذَنْ بِهِ اللَّهُ ۚ وَلَوْلَا كَلِمَةُ الْفَصْلِ لَقُضِيَ بَيْنَهُمْ ۗ وَإِنَّ الظَّالِمِينَ لَهُمْ عَذَابٌ أَلِيمٌ
অথবা সিহঁতৰ এনে কিছুমান অংশী আছে নেকি, যিবিলাকে সিহঁতৰ বাবে দ্বীনৰ পৰা চৰীয়ত প্ৰৱৰ্তন কৰিছে, যাৰ অনুমতি আল্লাহে দিয়া নাই? আৰু মীমাংসাৰ ঘোষণা নাথাকিলে অৱশ্যে সিহঁতৰ মাজত সিদ্ধান্ত হৈ গ’লহেঁতেন। নিশ্চয় যালিমসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
.
৪৫:৬∆∆
تِلْكَ آيَاتُ اللَّهِ نَتْلُوهَا عَلَيْكَ بِالْحَقِّ ۖ فَبِأَيِّ حَدِيثٍ بَعْدَ اللَّهِ وَآيَاتِهِ يُؤْمِنُونَ
এইবোৰ আল্লাহৰ আয়াত, যিবোৰ আমি তোমাৰ ওচৰত যথাযথভাৱে তিলাৱত কৰিছো। এতেকে সিহঁতে আল্লাহ আৰু তেওঁৰ আয়াতৰ পিছত কোন হাদীছৰ (কথাৰ) ওপৰত বিশ্বাস স্থাপন কৰিব?
... compiled&written syedraf...
Comments
Post a Comment