Head shaving and Qurbani:
Head shaving and Qurbani:
৪৮:২৭
لَقَدْ صَدَقَ اللَّهُ رَسُولَهُ الرُّؤْيَا بِالْحَقِّ ۖ لَتَدْخُلُنَّ الْمَسْجِدَ الْحَرَامَ إِنْ شَاءَ اللَّهُ آمِنِينَ مُحَلِّقِينَ رُءُوسَكُمْ وَمُقَصِّرِينَ لَا تَخَافُونَ ۖ فَعَلِمَ مَا لَمْ تَعْلَمُوا فَجَعَلَ مِنْ دُونِ ذَٰلِكَ فَتْحًا قَرِيبًا
অৱশ্যে আল্লাহে তেওঁৰ ৰাছুলক সপোনটো যথাযথভাৱে সত্যত পৰিণত কৰি দিছে, আল্লাহৰ ইচ্ছাত তোমালোকে অৱশ্যে নিৰাপদে মূৰ খুৰোৱাই আৰু চুলি চুটি কৰি নিৰ্ভয়ে মছজিদুল হাৰামত প্ৰৱেশ কৰিবা। এতেকে তেওঁ সেইটো জানে যিটো তোমালোকে নাজানা। সেয়ে ইয়াৰ বাহিৰেও তেওঁ তোমালোকক প্ৰদান কৰিছে এটা সদ্য বিজয়।
⬇️
৩:৯৬-৯৭
إِنَّ أَوَّلَ بَيْتٍ وُضِعَ لِلنَّاسِ لَلَّذِي بِبَكَّةَ مُبَارَكًا وَهُدًى لِلْعَالَمِينَ
নিশ্চয় মানৱ জাতিৰ বাবে সৰ্বপ্ৰথম যি ঘৰ প্ৰতিষ্ঠিত হৈছিল সেইটো হৈছে মক্কাত(بَكَّةَ), বৰকতময় আৰু হিদায়ত বিশ্ববাসীৰ বাবে।
৩:৯৭
فِيهِ آيَاتٌ بَيِّنَاتٌ مَقَامُ إِبْرَاهِيمَ ۖ وَمَنْ دَخَلَهُ كَانَ آمِنًا ۗ وَلِلَّهِ عَلَى النَّاسِ حِجُّ الْبَيْتِ مَنِ اسْتَطَاعَ إِلَيْهِ سَبِيلًا ۚ وَمَنْ كَفَرَ فَإِنَّ اللَّهَ غَنِيٌّ عَنِ الْعَالَمِينَ
তাত বহুতো সুস্পষ্ট নিদৰ্শন আছে, যেনে মাকামে ইব্ৰাহীম; যিয়ে তাত(২:১২৪-১২৫) প্ৰৱেশ কৰিব সি নিৰাপদ; আৰু মানুহৰ মাজত তাত যাবলৈ যাৰ সামৰ্থ আছে, আল্লাহৰ উদ্দেশ্যে সেই ঘৰৰ হজ্জ কৰা তাৰ বাবে জৰুৰী কৰ্তব্য; আৰু যিয়ে কুফৰী কৰিব সি জানি থোৱা উচিত, নিশ্চয় আল্লাহ সৃষ্টিজগতৰ মুখাপেক্ষী নহয়।
⬇️
২:১৯৬-১৯৭
وَأَتِمُّوا الْحَجَّ وَالْعُمْرَةَ لِلَّهِ ۚ فَإِنْ أُحْصِرْتُمْ فَمَا اسْتَيْسَرَ مِنَ الْهَدْيِ ۖ وَلَا تَحْلِقُوا رُءُوسَكُمْ حَتَّىٰ يَبْلُغَ الْهَدْيُ مَحِلَّهُ ۚ فَمَنْ كَانَ مِنْكُمْ مَرِيضًا أَوْ بِهِ أَذًى مِنْ رَأْسِهِ فَفِدْيَةٌ مِنْ صِيَامٍ أَوْ صَدَقَةٍ أَوْ نُسُكٍ ۚ فَإِذَا أَمِنْتُمْ فَمَنْ تَمَتَّعَ بِالْعُمْرَةِ إِلَى الْحَجِّ فَمَا اسْتَيْسَرَ مِنَ الْهَدْيِ ۚ فَمَنْ لَمْ يَجِدْ فَصِيَامُ ثَلَاثَةِ أَيَّامٍ فِي الْحَجِّ وَسَبْعَةٍ إِذَا رَجَعْتُمْ ۗ تِلْكَ عَشَرَةٌ كَامِلَةٌ ۗ ذَٰلِكَ لِمَنْ لَمْ يَكُنْ أَهْلُهُ حَاضِرِي الْمَسْجِدِ الْحَرَامِ ۚ وَاتَّقُوا اللَّهَ وَاعْلَمُوا أَنَّ اللَّهَ شَدِيدُ الْعِقَابِ
আৰু তোমালোকে হজ্জ আৰু ওমৰাহ আল্লাহৰ বাবেই পূৰ্ণ কৰা। এতেকে যদি তোমালোকে বাধাপ্ৰাপ্ত হোৱা তেন্তে সহজলভ্য হাদ`য়ি প্ৰদান কৰা, আৰু হাদ`য়ি তাৰ নিৰ্দিষ্ট স্থানত নোপাৱালৈকে তোমালোকে মূৰ নুখুৰাবা। কিন্তু তোমালোকৰ মাজৰ কোনোবাই যদি অসুস্থ হয় অথবা মূৰত কষ্টদায়ক কিবা হয় তেন্তে ছিয়াম অথবা ছাদক্বা নাইবা পশু জবেহ কৰি তাৰ ফিদিয়া দিব লাগিব। এতেকে যেতিয়া তোমালোকে নিৰাপদ হ’বা তেতিয়া তোমালোকৰ মাজত যিয়ে ওমৰাক হজ্জৰ লগত মিলাই তামাত্তু কৰিব বিচাৰে, সি সহজলভ্য হাদ`য়ি জবেহ কৰিব। কিন্তু যদি কোনোবাই এইটো কৰিব নোৱাৰে, তেন্তে তাৰ বাবে হজ্জৰ সময়ত তিনি দিন আৰু ঘৰত উভতি আহি সাত দিন, এই পূৰ্ণ দহ দিন তাৰ ছিয়াম পালন কৰিব লাগিব। এইটো কেৱল তাৰ বাবে যাৰ পৰিয়ালবৰ্গ মছজিদুল হাৰামৰ অধিবাসী নহয়; আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু জানি থোৱা যে, নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।
২:১৯৭
الْحَجُّ أَشْهُرٌ مَعْلُومَاتٌ ۚ فَمَنْ فَرَضَ فِيهِنَّ الْحَجَّ فَلَا رَفَثَ وَلَا فُسُوقَ وَلَا جِدَالَ فِي الْحَجِّ ۗ وَمَا تَفْعَلُوا مِنْ خَيْرٍ يَعْلَمْهُ اللَّهُ ۗ وَتَزَوَّدُوا فَإِنَّ خَيْرَ الزَّادِ التَّقْوَىٰ ۚ وَاتَّقُونِ يَا أُولِي الْأَلْبَابِ
হজ্জ হৈছে নিৰ্দিষ্ট মাহসমূহত। এতেকে যিয়ে এই মাহসমূহত হজ্জ কৰিবলৈ স্থিৰ কৰে সি যেন হজ্জৰ সময়ত স্ত্ৰী-সম্ভোগ, অন্যায় আচৰণ আৰু কলহ-বিবাদ নকৰে; আৰু তোমালোকে যি সৎকামেই নকৰা কিয় সেয়া আল্লাহে জানে আৰু তোমালোকে সম্বল সংগ্ৰহ কৰা। নিশ্চয় আটাইতকৈ উত্তম সম্বল হৈছে তাক্বৱা📍। হে বিবেক সম্পন্ন ব্যক্তিসকল! তোমালোকে কেৱল মোৰেই তাক্বৱা অৱলম্বন কৰা।
[📍সাধাৰণ অৰ্থত তাক্বৱা মানে আল্লাহক ভয় কৰা, অৰ্থাৎ আদেশ-নিষেধবোৰ (কোৰআন) আখৰে আখৰে পালন কৰা(৩৩:৩৮)]
।।।ৰফ্।।।
Comments
Post a Comment