আগ-কথা:Part-283-284(ch.19)-ঈছাৰ(আ:ছা:) জন্মতত্ব এক অলৌকিক
।।ঈছাৰ(আ:ছা:) জন্মতত্ব এক অলৌকিক।। ।।। খৃষ্টানসকলৰ মতে যীছু গড'ৰ পুত্ৰ। কোৰআনে কৈছে ইয়াৰ বিপৰীতে-৫:৭২, ১৯:৩৬। কোৰআনে স্পষ্ট কৰিছে, তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ জন্ম লোৱা নাই(১১২:৩)। খৃষ্টানসকলে ডিছেম্বৰত তেওঁৰ জন্মদিন পাতে, কিন্তু বাইবেল আৰু কোৰআনে ইয়াক নাকচ কৰিছে (টোকা-১৮:২৫)। . ঈছাৰ(আ:ছা:) সম্পূৰ্ণ জীৱন আৰু কৰ্মৰাজি এক মিৰাকল। ইয়াৰ আঁৰত আল্লাহৰ "কুন ফায়াকুন" (১৯:৩৫)(৩:৫৯)। এই মিৰাকলৰ অৰ্ন্তনিহিত মূল আৰু অপৰিহার্য বৈশিষ্ট্য বা উপাদান(essence) তেতিয়ালৈকে বুজিব নোৱাৰে যেতিয়ালৈকে আল্লাহে আপোনাৰ কোৰআনৰ শিক্ষা নিদিয়ে(৫৫:১-২)। . মন/চিন্তা কৰিব: হাৰুণ আৰু মুছাৰ(আ:ছা:) ভনীয়েক(১৯:২৮) মৰীয়মৰ (আ:ছা:) গৰ্ভত বিনা স্বামীৰে ঈছাৰ (আ:ছা:) জন্ম হৈছিল। তেওঁ আছিল সম্ভ্ৰান্ত ঘৰৰ(১৯:২৮) আৰু মুত্তাকী(চমুকৈ আল্লাহলৈ ভয় কৰা)। এনে অৱস্থাত এজনী কুমাৰী ছোৱালীয়ে যেতিয়া বিনা স্বামীৰে সন্তান জন্ম দিব তেতিয়া সমাজত তেওঁৰ কেনে পৰিস্থিতিৰ সন্মুখীন হ'ব! . যিহেতু ঈছাৰ(আ:ছা:) সম্পূৰ্ণ জীৱন আৰু কৰ্মৰাজি এক মিৰাকল। গতিকে মৰীয়মে(আ:ছা:) সন্তান জন্মৰ পাছৰ পৰিস্থিতি আল্লাহে চম্ভালাটোও মিৰা...