আগ-কথা:Part-283-284(ch.19)-ঈছাৰ(আ:ছা:) জন্মতত্ব এক অলৌকিক

।।ঈছাৰ(আ:ছা:) জন্মতত্ব এক অলৌকিক।।
।।।
খৃষ্টানসকলৰ মতে যীছু গড'ৰ পুত্ৰ। কোৰআনে কৈছে ইয়াৰ বিপৰীতে-৫:৭২, ১৯:৩৬। কোৰআনে স্পষ্ট কৰিছে, তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ জন্ম লোৱা নাই(১১২:৩)। খৃষ্টানসকলে ডিছেম্বৰত তেওঁৰ জন্মদিন পাতে, কিন্তু বাইবেল আৰু কোৰআনে ইয়াক নাকচ কৰিছে (টোকা-১৮:২৫)।
.
ঈছাৰ(আ:ছা:) সম্পূৰ্ণ জীৱন আৰু কৰ্মৰাজি এক মিৰাকল। ইয়াৰ আঁৰত আল্লাহৰ "কুন ফায়াকুন" 
(১৯:৩৫)(৩:৫৯)। এই মিৰাকলৰ অৰ্ন্তনিহিত মূল আৰু অপৰিহার্য বৈশিষ্ট্য বা উপাদান(essence) তেতিয়ালৈকে বুজিব নোৱাৰে যেতিয়ালৈকে আল্লাহে আপোনাৰ কোৰআনৰ শিক্ষা নিদিয়ে(৫৫:১-২)।
.
মন/চিন্তা কৰিব:
হাৰুণ আৰু মুছাৰ(আ:ছা:) ভনীয়েক(১৯:২৮) মৰীয়মৰ (আ:ছা:) গৰ্ভত বিনা স্বামীৰে ঈছাৰ (আ:ছা:) জন্ম হৈছিল। তেওঁ আছিল সম্ভ্ৰান্ত ঘৰৰ(১৯:২৮) আৰু মুত্তাকী(চমুকৈ আল্লাহলৈ ভয় কৰা)। 
এনে অৱস্থাত এজনী কুমাৰী ছোৱালীয়ে যেতিয়া বিনা স্বামীৰে সন্তান জন্ম দিব তেতিয়া সমাজত তেওঁৰ কেনে পৰিস্থিতিৰ সন্মুখীন হ'ব!
.
যিহেতু ঈছাৰ(আ:ছা:) সম্পূৰ্ণ জীৱন আৰু কৰ্মৰাজি এক মিৰাকল। গতিকে মৰীয়মে(আ:ছা:) সন্তান জন্মৰ পাছৰ পৰিস্থিতি আল্লাহে চম্ভালাটোও মিৰাকল(১৯:২১)।
কোৱা হ'ল, মানুহে ভালে বেয়াই বহু কথা সুধিব,গতিকে তুমি কথা নোকোৱাৰ ছিয়াম(صَوْمًا- তথাকথিত ৰোজা) পালন কৰা(১৯:২৬)।
.
কিমান দিনলৈ কথা নোকোৱাকৈ থাকিব?
তাৰ ব্যৱস্থা?
.
মাকৰ ইংগিতত কেঁচুৱা অৰ্থাৎ ঈছাই(আ:ছা:) মাকৰ কোলাৰ পৰাই মানুহৰ লগত স্পষ্ট কথা পাতিবলৈ অনুমতি পালে(১৯:২৯)।
ইয়াৰ পাছৰ আয়াতটো মন কৰিবঃ
১৯:৩০
قَالَ إِنِّي عَبْدُ اللَّهِ آتَانِيَ الْكِتَابَ وَجَعَلَنِي نَبِيًّا
কেঁচুৱাটোৱে মাত লগালে, ‘নিশ্চয় মই এজন আল্লাহৰ বান্দা। তেৱেঁই মোক কিতাব প্ৰদান কৰিছে আৰু মোক নবী বনাইছে,
.
ঈছাই(আ:ছা:) জন্মৰ লগতেই আল্লাহৰ বাণী অৰ্থাৎ কিতাপ আৰু তাক মানুহৰ মাজত জনাই দিয়াৰ স্বীকৃতি অৰ্থাৎ নবীহৈ আহিছিল(৫:১১০)। এইবোৰ মিৰাকল।
তেওঁৰ জীৱনৰ শেষ অৱস্থাটোও মিৰাকল(বাইবেলত কোৱাৰ দৰে তেওঁক ক্ৰুছত দি হত্যা কৰা নাছিল-৪:১৫৭-১৫৮)। ইয়াৰ উপাদান আছিল "ৰুহ"(১৯:১৭)(২১:৯১)।
।।।
আমি দিন ৰাতি একেকাৰ কৰি কথা পাতিছিলো এই 
ঈছাৰ(আ:ছা:) জন্মৰ বিষয়কলৈ। ফলাফলত নতুন চিন্তাধাৰাৰে কোৰআন অৱতৰাণাত কোৰআনৰেই ব্যখ্যাটো।
কথাটো এনেকুৱা:
কোৰআন একে ৰাতিয়েই মহম্মদ(আ:ছা:)ৰ ওপৰত নাজিল হোৱা কথাটো। ঈছা(আ:ছা:)ৰ দৰে নহয়নে?
⬇️
[97:1➡️44:3.
The Night of Majesty is when the entire Qur’an was revealed through Gabriel on the exalted Messenger’s heart. Its order and arrangement was exactly as we see today. (Verse 97:1 does not say that the revelation was started in the Night of Majesty.)]
.
।।।চৈয়দৰফ।।। #মুক্তাবুলহুছেইন ।।।

Comments

Popular posts from this blog

✔️NO FIVE DAILY PRAYERS IN THE QURAN

Head shaving and Qurbani:

The majority of people are not believers(12:103).Can all those millions of Muslims be wrong?