আমি তেওঁৰ নবী/ৰাছুলসকলৰ মাজত কোনো পাৰ্থক্য নকৰো; কিন্তু আল্লাহে অৱশ্যে নবীসকলৰ কিছুমানক আন কিছুমানৰ ওপৰত মৰ্যাদা প্ৰদান কৰিছে।

আমি তেওঁৰ নবী/ৰাছুলসকলৰ মাজত কোনো পাৰ্থক্য নকৰো; কিন্তু আল্লাহে অৱশ্যে নবীসকলৰ কিছুমানক আন কিছুমানৰ ওপৰত মৰ্যাদা প্ৰদান কৰিছে।
।।।
🟥১৭:৫৫
وَرَبُّكَ أَعْلَمُ بِمَنْ فِي السَّمَاوَاتِ وَالْأَرْضِ ۗ وَلَقَدْ فَضَّلْنَا بَعْضَ النَّبِيِّينَ عَلَىٰ بَعْضٍ ۖ وَآتَيْنَا دَاوُودَ زَبُورًا
আৰু যিসকল আকাশমণ্ডল আৰু পৃথিৱীত আছে সিহঁতৰ বিষয়েও তোমাৰ প্ৰতিপালক অধিক অৱগত। অৱশ্যে আমি নবীসকলৰ কিছুমানক আন কিছুমানৰ ওপৰত মৰ্যাদা প্ৰদান কৰিছো আৰু দাউদক প্ৰদান কৰিছিলো যাবূৰ*।
.
📍Verse/Note-1
17:55 And your Lord is best Aware of all beings who are in the highs and the lows. We caused some Prophets to excel the others. To David We gave a Book of wisdom.

Note.
The Psalms, as well as a kingdom that was matchless in its times. 21:79, 34:10, 38:19. All Prophets were one in purpose, so we make no distinction between them. 2:62, 2:136, 2:253(sa).
.
📍Note-2
The Creator and Master of prophets and messengers has given each special qualities and skills. It is not up to us to put them in a competition that ultimately produces fancy lies and idols. See 2:285(edip).
.
২১:৭৯
فَفَهَّمْنَاهَا سُلَيْمَانَ ۚ وَكُلًّا آتَيْنَا حُكْمًا وَعِلْمًا ۚ وَسَخَّرْنَا مَعَ دَاوُودَ الْجِبَالَ يُسَبِّحْنَ وَالطَّيْرَ ۚ وَكُنَّا فَاعِلِينَ
এতেকে আমি ছুলাইমানক এই বিষয়ৰ মীমাংসা বুজাই দিছিলো আৰু তেওঁলোক দুয়োকে প্ৰজ্ঞা আৰু জ্ঞান দান কৰিছিলো, লগতে পৰ্বত আৰু চৰাইবোৰক আমি দাউদৰ অনুগত কৰি দিছিলো, সেইবোৰে তেওঁৰ লগত পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰিছিল; আৰু আমিয়েই আছিলো এইবোৰৰ কৰ্তা।
.
৩৪:১০
۞ وَلَقَدْ آتَيْنَا دَاوُودَ مِنَّا فَضْلًا ۖ يَا جِبَالُ أَوِّبِي مَعَهُ وَالطَّيْرَ ۖ وَأَلَنَّا لَهُ الْحَدِيدَ
আৰু অৱশ্যে আমি আমাৰ ফালৰ দাউদক প্ৰদান কৰিছিলো মৰ্যাদা আৰু আদেশ কৰিছিলো, হে পৰ্বতমালা! তোমালোকে দাউদৰ লগত বাৰে বাৰে মোৰ পৱিত্ৰতা ঘোষণা কৰা আৰু চৰাইবোৰকো (আমি এই আদেশ কৰিছিলোঁ)। আৰু তেওঁৰ বাবে আমি লোহাক কোমল কৰি দিছিলোঁ,
.
৩৮:১৯
وَالطَّيْرَ مَحْشُورَةً ۖ كُلٌّ لَهُ أَوَّابٌ
আৰু সমবেত চৰাইবোৰকো (অনুগত কৰি দিছিলো); প্ৰত্যেকেই আছিল অধিক আল্লাহ অভিমুখী।
......oo......
২:৬২
إِنَّ الَّذِينَ آمَنُوا وَالَّذِينَ هَادُوا وَالنَّصَارَىٰ وَالصَّابِئِينَ مَنْ آمَنَ بِاللَّهِ وَالْيَوْمِ الْآخِرِ وَعَمِلَ صَالِحًا فَلَهُمْ أَجْرُهُمْ عِنْدَ رَبِّهِمْ وَلَا خَوْفٌ عَلَيْهِمْ وَلَا هُمْ يَحْزَنُونَ
নিশ্চয় যিসকলে ঈমান আনিছে আৰু যিসকলে ইয়াহুদী হৈছে  লগতে নাছাৰা  আৰু ছাবেয়ীসকলৰ  যিসকলে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনে আৰু সৎকাম কৰে, সিহঁতৰ বাবে সিহঁতৰ প্ৰতিপালকৰ ওচৰত পুৰষ্কাৰ আছে; আৰু সিহঁতৰ কোনো ভয় নাই আৰু সিহঁত চিন্তিতও নহ’ব ।
.
২:১৩৬
قُولُوا آمَنَّا بِاللَّهِ وَمَا أُنْزِلَ إِلَيْنَا وَمَا أُنْزِلَ إِلَىٰ إِبْرَاهِيمَ وَإِسْمَاعِيلَ وَإِسْحَاقَ وَيَعْقُوبَ وَالْأَسْبَاطِ وَمَا أُوتِيَ مُوسَىٰ وَعِيسَىٰ وَمَا أُوتِيَ النَّبِيُّونَ مِنْ رَبِّهِمْ لَا نُفَرِّقُ بَيْنَ أَحَدٍ مِنْهُمْ وَنَحْنُ لَهُ مُسْلِمُونَ
তোমালোকে কোৱা, ‘আমি ঈমান আনিছো আল্লাহৰ প্ৰতি আৰু যি আমাৰ প্ৰতি অৱতীৰ্ণ হৈছে, লগতে তাৰ প্ৰতিও ঈমান আনিছো যি অৱতীৰ্ণ হৈছিল ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াকূব আৰু তেওঁৰ বংশধৰসকলৰ প্ৰতি, আৰু মুছা, ঈছাৰ লগতে অন্যান্য নবীসকলক তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা যি প্ৰদান কৰা হৈছে (তাৰ প্ৰতিও ঈমান আনিছো)। আমি তেওঁলোকৰ মাজত কোনো পাৰ্থক্য নকৰো; আৰু আমি তেওঁৰেই ওচৰত আত্মসমৰ্পণকাৰী।
.
২:২৫৩
۞ تِلْكَ الرُّسُلُ فَضَّلْنَا بَعْضَهُمْ عَلَىٰ بَعْضٍ ۘ مِنْهُمْ مَنْ كَلَّمَ اللَّهُ ۖ وَرَفَعَ بَعْضَهُمْ دَرَجَاتٍ ۚ وَآتَيْنَا عِيسَى ابْنَ مَرْيَمَ الْبَيِّنَاتِ وَأَيَّدْنَاهُ بِرُوحِ الْقُدُسِ ۗ وَلَوْ شَاءَ اللَّهُ مَا اقْتَتَلَ الَّذِينَ مِنْ بَعْدِهِمْ مِنْ بَعْدِ مَا جَاءَتْهُمُ الْبَيِّنَاتُ وَلَٰكِنِ اخْتَلَفُوا فَمِنْهُمْ مَنْ آمَنَ وَمِنْهُمْ مَنْ كَفَرَ ۚ وَلَوْ شَاءَ اللَّهُ مَا اقْتَتَلُوا وَلَٰكِنَّ اللَّهَ يَفْعَلُ مَا يُرِيدُ
সেই ৰাছুলসকল, আমি তেওঁলোকৰ কিছুমানক আন কিছুমানৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছো। তেওঁলোকৰ মাজত এনে কিছুমান আছে, যিসকলৰ লগত আল্লাহে কথা কৈছে, আকৌ কিছুমানক উচ্চ মৰ্যাদা প্ৰদান কৰিছে; আৰু মাৰইয়ামৰ পুত্ৰ ঈছাক আমি স্পষ্ট প্ৰমাণাদি প্ৰদান কৰিছো আৰু ৰূহুল কুদুছৰ দ্বাৰা তেওঁক শক্তিশালী কৰিছো; আৰু আল্লাহে ইচ্ছা কৰিলে সিহঁতৰ পৰৱৰ্তীসকলে সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণাদি সমাগত হোৱাৰ পিছতো পাৰস্পাৰিক যুদ্ধ-বিগ্ৰহত লিপ্ত নহ’লেহেঁতেন; কিন্তু সিহঁতে মতভেদ কৰিলে। ফলত সিহঁতৰ কিছুমানে ঈমান আনিলে আৰু কিছুমানে কুফুৰী কৰিলে; কিন্তু আল্লাহে ইচ্ছা কৰিলে সিহঁতে পাৰস্পাৰিক যুদ্ধ-বিগ্ৰহত লিপ্ত নহ’লেহেতেন; কিন্তু আল্লাহে যিটো ইচ্ছা সেইটোৱেই কৰে।
...
২:২৮৫
آمَنَ الرَّسُولُ بِمَا أُنْزِلَ إِلَيْهِ مِنْ رَبِّهِ وَالْمُؤْمِنُونَ ۚ كُلٌّ آمَنَ بِاللَّهِ وَمَلَائِكَتِهِ وَكُتُبِهِ وَرُسُلِهِ لَا نُفَرِّقُ بَيْنَ أَحَدٍ مِنْ رُسُلِهِ ۚ وَقَالُوا سَمِعْنَا وَأَطَعْنَا ۖ غُفْرَانَكَ رَبَّنَا وَإِلَيْكَ الْمَصِيرُ
ৰাছুলে তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা যি তেওঁৰ ওচৰত অৱতীৰ্ণ হৈছে তাৰ ওপৰত ঈমান আনিছে আৰু মুমিনসকলেও। প্ৰত্যেকেই ঈমান আনিছে আল্লাহৰ ওপৰত, তেওঁৰ ফিৰিস্তাসকলৰ ওপৰত, তেওঁৰ কিতাবসমূহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত। আমি তেওঁৰ ৰাছুলসকলৰ মাজত কোনো পাৰ্থক্য নকৰো; আৰু এওঁলোকে কয়, ‘আমি শুনিছো আৰু মানি লৈছো। হে আমাৰ প্ৰতিপালক! তোমাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰো আৰু তোমাৰ ওচৰতেই প্ৰত্যাৱৰ্তনস্থল’।
...oo...raf...oo...

Comments

Popular posts from this blog

✔️NO FIVE DAILY PRAYERS IN THE QURAN

Head shaving and Qurbani:

The majority of people are not believers(12:103).Can all those millions of Muslims be wrong?