Never find a change in Allah's laws(আল্লাহৰ চুন্নত)
Never find a change in Allah's laws(আল্লাহৰ চুন্নত)
।।।
17:77 Such has always been Our law with all of Our Messengers We sent before you. (Nations that drove them out suffered dire consequences.) You will never find a change in Our laws. [6:34, 6:115, 10:64, 17:77, 18:27, 33:38, 33:62, 35:43, 40:85, 48:23](as).
.
৬:৩৪
وَلَقَدْ كُذِّبَتْ رُسُلٌ مِنْ قَبْلِكَ فَصَبَرُوا عَلَىٰ مَا كُذِّبُوا وَأُوذُوا حَتَّىٰ أَتَاهُمْ نَصْرُنَا ۚ وَلَا مُبَدِّلَ لِكَلِمَاتِ اللَّهِ ۚ وَلَقَدْ جَاءَكَ مِنْ نَبَإِ الْمُرْسَلِينَ
আৰু তোমাৰ পূৰ্বেও বহুতো ৰাছুলৰ ওপৰত মিথ্যাৰোপ কৰা হৈছিল, কিন্তু তেওঁলোকক মিথ্যাৰোপ কৰা আৰু কষ্ট দিয়াৰ পিছতো তেওঁলোকে ধৈৰ্য ধাৰণ কৰিছিল, অৱশেষত তেওঁলোকৰ ওচৰত আমাৰ সহায় আহিছে। আৰু আল্লাহৰ বাণীসমূহৰ কোনো পৰিবৰ্তনকাৰী নাই। নিশ্চয় ৰাছুলসকলৰ কিছু সংবাদ তোমাৰ ওচৰলৈকেও আহিছে।
.
৬:১১৫
وَتَمَّتْ كَلِمَتُ رَبِّكَ صِدْقًا وَعَدْلًا ۚ لَا مُبَدِّلَ لِكَلِمَاتِهِ ۚ وَهُوَ السَّمِيعُ الْعَلِيمُ
সত্য আৰু ন্যায়ৰ ফালৰ পৰা তোমাৰ প্ৰতিপালকৰ বাণী পৰিপূৰ্ণ। তেওঁৰ বাক্যসমূহৰ পৰিবৰ্তনকাৰী কোনো নাই। তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
.
১০:৬৪
لَهُمُ الْبُشْرَىٰ فِي الْحَيَاةِ الدُّنْيَا وَفِي الْآخِرَةِ ۚ لَا تَبْدِيلَ لِكَلِمَاتِ اللَّهِ ۚ ذَٰلِكَ هُوَ الْفَوْزُ الْعَظِيمُ
তেওঁলোকৰ বাবেই আছে সুসংবাদ[1] পৃথিৱীৰ জীৱনত আৰু আখিৰাতত, আল্লাহৰ বাণীৰ কোনো পৰিবৰ্তন নাই; এইটোৱেই মহাসফলতা।
.
১৭:৭৭
سُنَّةَ مَنْ قَدْ أَرْسَلْنَا قَبْلَكَ مِنْ رُسُلِنَا ۖ وَلَا تَجِدُ لِسُنَّتِنَا تَحْوِيلًا
আমাৰ ৰাছুলসকলৰ মাজত তোমাৰ পূৰ্বে যিসকলক প্ৰেৰণ কৰিছিলো তেওঁলোকৰ ক্ষেত্ৰতো আছিল এইটোৱেই নিয়ম আৰু তুমি আমাৰ নিয়মৰ কোনো পৰিবৰ্তন নাপাবা।
.
১৮:২৭
وَاتْلُ مَا أُوحِيَ إِلَيْكَ مِنْ كِتَابِ رَبِّكَ ۖ لَا مُبَدِّلَ لِكَلِمَاتِهِ وَلَنْ تَجِدَ مِنْ دُونِهِ مُلْتَحَدًا
আৰু তোমাৰ প্ৰতিপালকৰ কিতাবৰ পৰা তোমাৰ ওচৰত যি অহী কৰা হয় সেয়া তুমি পাঠ কৰি শুনোৱা। তেওঁৰ বাক্যসমূহৰ কোনো পৰিবৰ্তনকাৰী নাই; আৰু তুমি কেতিয়াও তেওঁৰ বাহিৰে আন কোনো আশ্ৰয় বিচাৰি নাপাবা।
.
৩৩:৩৮
مَا كَانَ عَلَى النَّبِيِّ مِنْ حَرَجٍ فِيمَا فَرَضَ اللَّهُ لَهُ ۖ سُنَّةَ اللَّهِ فِي الَّذِينَ خَلَوْا مِنْ قَبْلُ ۚ وَكَانَ أَمْرُ اللَّهِ قَدَرًا مَقْدُورًا
সেইটো কৰিলে নবীৰ কোনো দোষ নহয় যিটো তেওঁৰ বাবে আল্লাহে বিধিসন্মত কৰিছে। পূৰ্বে যিসকল অতিবাহিত হৈছে তেওঁলোকৰ বাবেও এইটোৱেই আছিল আল্লাহৰ বিধান। আল্লাহৰ ফয়চালা সুনিৰ্ধাৰিত, অৱশ্যম্ভাৱী।
.
৩৩:৬২
سُنَّةَ اللَّهِ فِي الَّذِينَ خَلَوْا مِنْ قَبْلُ ۖ وَلَنْ تَجِدَ لِسُنَّةِ اللَّهِ تَبْدِيلًا
পূৰ্বে যিসকলে অতিবাহিত হৈছে সিহঁতৰ বিষয়েও এইটোৱেই আছিল আল্লাহৰ ৰীতি। তুমি কেতিয়াও আল্লাহৰ ৰীতিত কোনো পৰিবৰ্তন নাপাবা।
.
৩৫:৪৩
اسْتِكْبَارًا فِي الْأَرْضِ وَمَكْرَ السَّيِّئِ ۚ وَلَا يَحِيقُ الْمَكْرُ السَّيِّئُ إِلَّا بِأَهْلِهِ ۚ فَهَلْ يَنْظُرُونَ إِلَّا سُنَّتَ الْأَوَّلِينَ ۚ فَلَنْ تَجِدَ لِسُنَّتِ اللَّهِ تَبْدِيلًا ۖ وَلَنْ تَجِدَ لِسُنَّتِ اللَّهِ تَحْوِيلًا
পৃথিৱীত ঔদ্ধত্য প্ৰকাশ আৰু কূটকৌশল অৱলম্বনৰ কাৰণে। অথচ কূটকৌশলে কেৱল তাৰ উদ্যোক্তাসকলকহে পৰিবেষ্টন কৰিব। তেন্তে সিহঁতে পূৰ্বৱৰ্তীবিলাকৰ (দৰে আল্লাহৰ) বিধানৰ অপেক্ষা কৰি আছে নেকি? কিন্তু তুমি আল্লাহৰ পদ্ধতিত কেতিয়াও কোনো পৰিবৰ্তন নাপাবা আৰু আল্লাহৰ পদ্ধতিৰ কোনো ব্যতিক্ৰমো দেখিবলৈ নাপাবা।
.
৪০:৮৫
فَلَمْ يَكُ يَنْفَعُهُمْ إِيمَانُهُمْ لَمَّا رَأَوْا بَأْسَنَا ۖ سُنَّتَ اللَّهِ الَّتِي قَدْ خَلَتْ فِي عِبَادِهِ ۖ وَخَسِرَ هُنَالِكَ الْكَافِرُونَ
কিন্তু আমাৰ শাস্তি দেখা পোৱাৰ পিছত সিহঁতে লৈ অহা ঈমান সিহঁতৰ কোনো উপকাৰত নাহিল। আল্লাহৰ এই বিধান পূৰ্বৰে পৰা তেওঁৰ বান্দাসকলৰ মাজত চলি আহিছে আৰু তেতিয়াই কাফিৰসকল ক্ষতিগ্ৰস্ত হৈছে।
.
৪৮:২৩
سُنَّةَ اللَّهِ الَّتِي قَدْ خَلَتْ مِنْ قَبْلُ ۖ وَلَنْ تَجِدَ لِسُنَّةِ اللَّهِ تَبْدِيلًا
এইটোৱে আল্লাহৰ বিধান পূৰ্বৰে পৰা যিটো চলি আহিছে, তুমি আল্লাহৰ বিধানত(سُنَّةِ اللَّهِ) কোনো পৰিবৰ্তন নাপাবা।
।।।compiled.syedraf।।।
Comments
Post a Comment