সকলো নবীৰ ছালাতৰ ইতিহাস:

ছালাতৰ ইতিহাস:
ছালাতৰ ইতিহাস অতি পুৰণি।  কোৰআনৰ পৰা যিটো জনা যায় সেয়া হ’ল হজৰত ইব্ৰাহীম আৰু পৰৱৰ্তী সকলো নবীৰ সময়ত ছালাতৰ চৰ্চা কৰা হৈছিল।
।।।
✔️ইব্ৰাহিমৰ(আঃছা:) ছালাত।
২:১২৫
وَإِذْ جَعَلْنَا الْبَيْتَ مَثَابَةً لِلنَّاسِ وَأَمْنًا وَاتَّخِذُوا مِنْ مَقَامِ إِبْرَاهِيمَ مُصَلًّى ۖ وَعَهِدْنَا إِلَىٰ إِبْرَاهِيمَ وَإِسْمَاعِيلَ أَنْ طَهِّرَا بَيْتِيَ لِلطَّائِفِينَ وَالْعَاكِفِينَ وَالرُّكَّعِ السُّجُودِ
আৰু স্মৰণ কৰা, যেতিয়া আমি কা’বাঘৰক মানৱ জাতিৰ মিলন কেন্দ্ৰ আৰু নিৰাপত্তাস্থল বনালো; আৰু (আদেশ দিলো যে,) ‘তোমালোকে মাকামে ইব্ৰাহীমক চালাতৰ স্থানৰূপে গ্ৰহণ কৰা। ইব্ৰাহীম আৰু ইছমাঈলক দায়িত্ব দিছিলো যে, তোমালোকে মোৰ ঘৰক তাৱাফকাৰী, এ’তেকাফকাৰী আৰু ৰুকু’ আৰু ছাজদাকাৰীসকলৰ বাবে পৱিত্ৰ ৰাখিবা’।
।।।
✔️মুছা(আ:ছা:) আৰু হাৰোণৰ(আ:ছা:) ছালাত।
১০:৮৭
وَأَوْحَيْنَا إِلَىٰ مُوسَىٰ وَأَخِيهِ أَنْ تَبَوَّآ لِقَوْمِكُمَا بِمِصْرَ بُيُوتًا وَاجْعَلُوا بُيُوتَكُمْ قِبْلَةً وَأَقِيمُوا الصَّلَاةَ ۗ وَبَشِّرِ الْمُؤْمِنِينَ
আমি মুছা আৰু তেওঁৰ ভাতৃৰ ওচৰত অহী প্ৰেৰণ কৰিলো যে, ‘মিচৰত তোমাৰ সম্প্ৰদায়ৰ বাবে কিছুমান ঘৰ তৈয়াৰ কৰা আৰু তোমালোকৰ ঘৰবোৰক ‘কিবলা’ তথা ইবাদতৰ স্থান কৰি লোৱা, আৰু ছালাত কায়েম কৰা আৰু মুমিনসকলক সুসংবাদ দিয়া’।
।।।
✔️ঈছাৰ(আ:ছা:) ছালাত।
১৯:৩১
وَجَعَلَنِي مُبَارَكًا أَيْنَ مَا كُنْتُ وَأَوْصَانِي بِالصَّلَاةِ وَالزَّكَاةِ مَا دُمْتُ حَيًّا
‘মই য’তেই নাথাকো কিয় তেওঁ মোক বৰকতময় কৰিছে, আৰু যিমান দিন জীৱিত থাকিম তেৱেঁই মোক চালাত আৰু যাকাত আদায় কৰিবলৈ নিৰ্দেশ দিছে,
।।।
✔️ছুআইবৰ ছালাত।
১১:৮৭
قَالُوا يَا شُعَيْبُ أَصَلَاتُكَ تَأْمُرُكَ أَنْ نَتْرُكَ مَا يَعْبُدُ آبَاؤُنَا أَوْ أَنْ نَفْعَلَ فِي أَمْوَالِنَا مَا نَشَاءُ ۖ إِنَّكَ لَأَنْتَ الْحَلِيمُ الرَّشِيدُ
সিহঁতে ক’লে, ‘হে ছুআইব! তোমাৰ চালাতে তোমাক এই নিৰ্দেশ দিয়ে নেকি যে, আমাৰ পিতৃ-পুৰুষসকলে যিসকলৰ ইবাদত কৰিছিল আমি সিহঁতক বৰ্জন কৰিব লাগিব আৰু আমি আমাৰ ধন-সম্পদ সম্পৰ্কে নিজ ইচ্ছামতে যি কৰো সেয়াও (বৰ্জন কৰিব লাগিব)? কেৱল তুমিহে সহিষ্ণু, সদাচাৰী’!
।।।

✔️যাকাৰিয়্যাৰ ছালাত।
৩:৩৯
فَنَادَتْهُ الْمَلَائِكَةُ وَهُوَ قَائِمٌ يُصَلِّي فِي الْمِحْرَابِ أَنَّ اللَّهَ يُبَشِّرُكَ بِيَحْيَىٰ مُصَدِّقًا بِكَلِمَةٍ مِنَ اللَّهِ وَسَيِّدًا وَحَصُورًا وَنَبِيًّا مِنَ الصَّالِحِينَ
তাৰ পিছত যেতিয়া যাকাৰিয়্যাই ইবাদত কক্ষত চালাতত থিয় হৈছিল, তেতিয়া ফিৰিস্তাসকলে তেওঁক আহ্বান কৰি ক’লে, ‘নিশ্চয় আল্লাহে আপোনাক ইয়াহইয়াৰ সুসংবাদ দিছে, তেওঁ হ’ব আল্লাহৰ তৰফৰ পৰা আগমনকৃত এটা কলিমাৰ সত্যায়নকাৰী, নেতা, ভোগ আসক্তিমুক্ত আৰু পূণ্যৱানসকলৰ অন্তৰ্ভুক্ত এজন নবী’।
।।।

✔️বণী ঈছৰাঈলৰ ছালাত।
২:৪৩
وَأَقِيمُوا الصَّلَاةَ وَآتُوا الزَّكَاةَ وَارْكَعُوا مَعَ الرَّاكِعِينَ
আৰু তোমালোকে(ঈছৰাঈল-২:৪০) চালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত প্ৰদান কৰা লগতে ৰুকুকাৰীসকলৰ লগত ৰুকু কৰা ।
।।।

✔️লুক্কমানৰ ছালাত।
৩১:১৭
يَا بُنَيَّ أَقِمِ الصَّلَاةَ وَأْمُرْ بِالْمَعْرُوفِ وَانْهَ عَنِ الْمُنْكَرِ وَاصْبِرْ عَلَىٰ مَا أَصَابَكَ ۖ إِنَّ ذَٰلِكَ مِنْ عَزْمِ الْأُمُورِ
‘হে মোৰ(লুক্কমান-৩১:১৩) পুত্ৰ! ছালাত কায়েম কৰা, সৎকৰ্মৰ আদেশ কৰা আৰু অসৎকৰ্ম নিষেধ কৰা, লগতে তোমাৰ ওপৰত যি (বিপদ) আপতিত হয় তাৰ ওপৰত ধৈৰ্য ধাৰণ কৰা। নিশ্চয় এইটো অন্যতম দৃঢ় সংকল্পৰ কাম।
।।।
✔️ৰছুল মহম্মদৰ (আ:ছা:) সমসাময়িক কাফেৰসকলৰ ছালাত।
৮:৩৫
وَمَا كَانَ صَلَاتُهُمْ عِنْدَ الْبَيْتِ إِلَّا مُكَاءً وَتَصْدِيَةً ۚ فَذُوقُوا الْعَذَابَ بِمَا كُنْتُمْ تَكْفُرُونَ
আৰু কাবা ঘৰৰ ওচৰত সিহঁতৰ উপাসনা উৰুলি আৰু হাত তালিৰ বাহিৰে আন একো নহয়। গতিকে তোমালোকে শাস্তি ভোগ কৰা, কাৰণ তোমালোকে কুফৰী কৰিছিলা।

।।।
✅গতিকে আমি নিজাববীয়াকৈ কোৰআন বুজিবলৈ চেষ্টা কৰা উচিত, কিন্তু আগৰ ছালাতত নথকা নতুন কিবা এটা উদ্ভাৱন নকৰো।  কাৰণ আল্লাহে কৈছে:
৫:৩
"..আজি মই তোমালোকৰ বাবে তোমালোকৰ দ্বীনক পৰিপূৰ্ণ কৰিলো আৰু তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ সম্পূৰ্ণ কৰিলো, আৰু তোমালোকৰ বাবে ইছলামক দ্বীন হিচাপে মনোনীত কৰিলো। এতেকে যিয়ে পাপ কৰ্মৰ ফালে ধাৱিত নহৈ কেৱল ভোকৰ তাড়নাত বাধ্য হৈ (ভক্ষণ কৰিলে) তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।"
।।।
।।। সংকলন - সম্পাদনা - চৈয়দৰফিক।।।

Comments

Popular posts from this blog

✔️NO FIVE DAILY PRAYERS IN THE QURAN

Head shaving and Qurbani:

The majority of people are not believers(12:103).Can all those millions of Muslims be wrong?