Riba and Interest(muktaraf)

।।Riba and Interest।।
মূলধনৰ সমান বা তাতকৈ দুগুণ/চাৰিগুণ বেছি সূত হ'ব নোৱাৰে(interest can not be more than principal amount-Indian Law)। হয়তো কোনো দেশতেই এনে নিয়ম নাই। এনে হোৱাৰ সম্ভাৱনা থাকিব পাৰে উচ্চ চক্ৰবৃদ্ধি সূতত। এই দুয়োটাই বেআইনী। এনে সূতক কোৱা হয় আৰবিত "ৰিবা(رِبًا)" আৰু ইংৰাজীত য়ুজাৰি(Usury)।
ইয়াৰ (Usury) অভিধানিক অৰ্থ "ধাৰ কৰা টকা ব্যৱহাৰৰ বাবে এটা অত্যধিক প্রিমিয়াম, বা 'চাঁদাবাজি সূত''(An excessive premium for the use of money borrowed', or 'extortionate interest')।
এনেদৰে উচ্চ হাৰত বৃদ্ধি(increase) পোৱা ধাৰৰ ওপৰত লোৱা বা দিয়া  টকা সূত নহৈ য়ুজাৰি (Usury) হয়। কোৰআনে ইয়াক বাধা দিছে।
মানুহে জীৱন মৰণৰ সমস্যাত পৰি এনেদৰে কেতিয়াবা টকা পইচা ধাৰ কৰে। ইয়াৰ সুযোগ ধাৰ দিওঁতাই লয়, যেনে কাবুলি।
।।।
এনেদৰে উচ্চ হাৰত বৃদ্ধি(increase) পোৱা আৰু এবিধ টকা-পইছা আছে। সেয়া হৈছে, আল্লাহে দিয়া ৰিজিক(জীৱিকা/টকা-পইচা)। আল্লাহৰ চুন্নত অনুসৰি এই টকা-পইচাৰ এটা অংশ নিয়ম অনুসৰি দান কৰিব লাগে। 
ধৰক সকলো খৰছ বাদদি আপোনাৰ হাতত মাহিলী ৫,০০০ টকা ৰাহি হয়। কোৰআন অনুসৰি এই টকাৰ ১,০০০ টকা নিয়ম মতে দান কৰিব লাগে। এই ১,০০০ টকা দান কৰা বা নকৰাৰ লগত আপোনাক আল্লাহে ৰিজিক বৃদ্ধি বা হ্ৰাসৰ কথাটো জৰিত আছে। 
যদি ১,০০০ টকাতো দান নকৰে তেন্তে ই মাহে মাহে, বছৰে বছৰে বাঢ়ি বাঢ়ি এটা ভয়ংকৰ পৰিমানৰ হবগৈ। এই টকা আপোনাৰ নহয়। ই আত্মীয়-স্বজন, মিছকীন আৰু মুছাফিৰ সকলৰহে। এই টকা নিজৰ বাবে খৰছ কৰাটোৱেই "ৰিবা"। ইয়াক দিয়া অথবা নিজে খৰছ কৰা দুয়োটাতে আল্লাহে বাধা দিছে। এই ৰিবা কিন্তু বেংক আদিত ব্যৱহাৰিত সূত💙 নহয়।তলৰ আয়াত কেইটা চাব:
(💙 লিংক চাব(চমুকৈ): https://bit.ly/3LN3iD7)
।।।
🔴৩০:৩৭
أَوَلَمْ يَرَوْا أَنَّ اللَّهَ يَبْسُطُ الرِّزْقَ لِمَنْ يَشَاءُ وَيَقْدِرُ ۚ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِقَوْمٍ يُؤْمِنُونَ
সিহঁতে লক্ষ্য কৰা নাইনে যে, আল্লাহে যাক ইচ্ছা তাৰ বাবে জীৱিকা প্ৰশস্ত কৰি দিয়ে আৰু সংকুচিত কৰি দিয়ে? নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে সেই সম্প্ৰদায়ৰ বাবে যিসকলে ঈমান পোষণ কৰে।
.
🔴৩০:৩৮
فَآتِ ذَا الْقُرْبَىٰ حَقَّهُ وَالْمِسْكِينَ وَابْنَ السَّبِيلِ ۚ ذَٰلِكَ خَيْرٌ لِلَّذِينَ يُرِيدُونَ وَجْهَ اللَّهِ ۖ وَأُولَٰئِكَ هُمُ الْمُفْلِحُونَ
এতেকে আত্মীয়-স্বজনক সিহঁতৰ প্ৰাপ্য প্ৰদান কৰা লগতে মিছকীন আৰু মুছাফিৰসকলকো। যিসকলে আল্লাহৰ সন্তুষ্টি কামনা কৰে* তেওঁলোকৰ বাবে এইটো অতি উত্তম আৰু তেওঁলোকেই হৈছে সাফল্যমণ্ডিত।
.
✍️BB-refs:(2:272)
.
🔴৩০:৩৯
وَمَا آتَيْتُمْ مِنْ ⬅️رِبًا لِيَرْبُوَ فِي أَمْوَالِ النَّاسِ فَلَا يَرْبُو عِنْدَ اللَّهِ ۖ وَمَا آتَيْتُمْ مِنْ زَكَاةٍ تُرِيدُونَ وَجْهَ اللَّهِ فَأُولَٰئِكَ هُمُ الْمُضْعِفُونَ
আৰু মানুহৰ সম্পদ বৃদ্ধি পাব বুলি তোমালোকে যি সুত দিয়া, আল্লাহৰ দৃষ্টিত কিন্তু সেয়া ধন-সম্পদ বৃদ্ধি নকৰে। আনহাতে আল্লাহৰ সন্তুষ্টি লাভৰ বাবে তোমালোকে যি যাকাত প্ৰদান কৰা (সেইটোৱেহে সম্পদ বৃদ্ধি কৰে) এতেকে তেওঁলোকেহে প্ৰকৃত সমৃদ্ধিশালী।
।।।
"ৰিবা"ৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিশুদ্ধ হ'বলৈ এটাই উপায়, সেয়া হৈছে টকা পইচা হাতলৈ অহাৰ লগেলগেই খৰছ বাদদি ৰাহি হোৱা টকাৰ পৰা ২০% কোৰআনত কোৱা মতে যাক দিব লাগে দিদিয়া। এই কাম কৰাৰ লগে লগেই পৰিশুদ্ধ(purify) হ'ব অৰ্থাৎ জাকাত দিলে। জাকাত কেৱল টকা পইচাৰ ক্ষেত্ৰতেই প্ৰযোজ্য নহয়। ইয়াৰ সূত্ৰ হ'ব, আল্লাহৰ ৱহীৰ(do & don't) বাস্তবায়িত (implement) কৰাৰ অৰ্থাৎ ছালাত কায়েম(Establish Salat) কৰাৰ পৰিদৰ্শকেই(observer) হৈছে জাকাত। সেয়েহে কোৰআনত বেছি সময়তে ছালাত কায়েমৰ লগত জাকাত আহিছে।
"আল্লাহৰ আদেশ নিষেধ নিজৰ জীৱনত বাস্তৱায়িত নকৰাৰাকৈ কোনেও পৰিশুদ্ধ হব নোৱাৰে(MH)"
.
Please check the link verse/note 3:130:
on Riba and Interest:
.
compiled discussion Mh & raf. 27.09.2022

Comments

Popular posts from this blog

✔️NO FIVE DAILY PRAYERS IN THE QURAN

Head shaving and Qurbani:

The majority of people are not believers(12:103).Can all those millions of Muslims be wrong?