33:40,55(Selecting Allah's Messenger is a continuous process)
33:40,55(Selecting Allah's Messenger is a continuous process)
.
বিস্তৃত বৰ্ণনাৰে কোৰআন সম্পূৰ্ণ:
Quran is completed and fully in details:link:
.
কেৱল নবীকহে ঐশ্বৰিক কিতাপ দিয়া হয়। প্ৰত্যেক জন নবীয়েই ৰছুল; কিন্তু প্ৰত্যেক ৰছুল নবী নহবও পাৰে।
.
যিহেতু ঐশ্বৰিক কিতাপ অহাৰ কাৰ্য্য সম্পূৰ্ণ হৈছে অৰ্থাৎ এনে কিতাপ আৰু নাহে। গতিকে কিতাপ আৰু নবীৰ অহাৰ কাৰ্য্য মহম্মদৰ(আ:ছা:) লগে লগে সমাপ্ত হৈছে।
.
কিন্তু, ৩৩:৪০ নং আয়াতত থকা خَاتَمَ النَّبِيِّينَ মানে সৰ্বশেষ নবী বুজোৱা নাই। বুজাইছে নবীসকলৰ মোহৰ, তলত মন কৰক:
৩৩:৪০
مَا كَانَ مُحَمَّدٌ أَبَا أَحَدٍ مِنْ رِجَالِكُمْ وَلَٰكِنْ رَسُولَ اللَّهِ وَخَاتَمَ النَّبِيِّينَ ۗ وَكَانَ اللَّهُ بِكُلِّ شَيْءٍ عَلِيمًا
মুহাম্মদ তোমালোকৰ মাজৰ কোনো পুৰুষৰে পিতৃ নহয়, বৰং তেওঁ আল্লাহৰ ৰাছুল আৰু নবীসকলৰ মোহৰ (Xসৰ্বশেষ নবী)। আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।
[Seal of the Prophets (خَاتَمَ النَّبِيِّينَ)
Meaning of خَاتَمَ=To seal/stamp
/imprint/impress etc ]
।।।
ওপৰৰ আয়াতটোত(৩৩:৪০) দুটা কথা আছে।
১)এটা- মুহাম্মদ তোমালোকৰ মাজৰ কোনো পুৰুষৰে পিতৃ নহয়,
২)আনটো -মুহাম্মদ ৰাছুল আৰু নবীসকলৰ মোহৰ।
.
ইয়াত এই কথা স্পষ্টযে আগৰ নবীসকলৰ সৈতে কিতাব আৰু তাৰ হিকমতৰ(শিক্ষা) সত্যায়নৰ ওপৰত চীল মোহৰ মৰাৰ সময়ত মহম্মদ(আ:ছা:) ৰছুল আছিল। তেওঁ নবীও আছিল। ৰছুল আৰু নবীৰ মাজত পাৰ্থক্য আছে। ৰছুলৰ কাম কেৱল ৱহী সংগ্ৰহ আৰু প্ৰেৰণ কৰা, কিন্তু নবীৰ এটা সামাজিক পাৰিবাৰিক জীৱন আছে।
।।।
বহু বছৰৰ বিবধানত আল্লাহে প্ৰয়োজন সাপেক্ষে নবী পঠিয়াই। ঈছা(আ:ছা:) আৰু মহম্মদৰ(আ:ছা:) বিবধানটো মন কৰিলেই গম পাব। এই দীঘলীয়া সময়ত হয়টো কেইবাজনো ৰছুল নিযুক্ত আছিল🔺। নবীজনে মৃত্যুৰ আগতে কোনো ৰছুল ওচৰত আল্লাহৰ বাণী প্ৰচাৰৰ বাবে দায়িত্ব দি থৈ যায়। এইদৰেই ৰছুলৰ মাধ্যমেৰে আল্লাহৰ বাণী ৰছুলে লাভ কৰিছিল।
.
তলৰ আয়াতটো মন কৰক:
৩:৮১
وَإِذْ أَخَذَ اللَّهُ مِيثَاقَ النَّبِيِّينَ لَمَا آتَيْتُكُمْ مِنْ كِتَابٍ وَحِكْمَةٍ ثُمَّ جَاءَكُمْ رَسُولٌ مُصَدِّقٌ لِمَا مَعَكُمْ لَتُؤْمِنُنَّ بِهِ وَلَتَنْصُرُنَّهُ ۚ قَالَ أَأَقْرَرْتُمْ وَأَخَذْتُمْ عَلَىٰ ذَٰلِكُمْ إِصْرِي ۖ قَالُوا أَقْرَرْنَا ۚ قَالَ فَاشْهَدُوا وَأَنَا مَعَكُمْ مِنَ الشَّاهِدِينَ
আৰু স্মৰণ কৰা, যেতিয়া আল্লাহে নবীসকলৰ অঙ্গীকাৰ লৈছিল যে, ‘মই তোমালোকক কিতাব আৰু হিকমতৰ (শিক্ষা) দিছো; এতেকে তোমালোকৰ ওচৰত যি আছে তাৰ সত্যায়নকাৰীৰূপে যেতিয়া তোমালোকৰ ওচৰত এজন ৰাছুল আহিব- তেতিয়া তোমালোকে অৱশ্যে তাৰ প্ৰতি ঈমান আনিবা আৰু তেওঁক সহায় কৰিবা’। তেওঁ ক’লে, ‘তোমালোকে স্বীকাৰ কৰিলানে? আৰু ইয়াৰ ওপৰত মোৰ অঙ্গীকাৰ গ্ৰহণ কৰিলানে’? তেওঁলোকে ক’লে, ‘আমি স্বীকাৰ কৰিলো’। তেওঁ ক’লে, ‘তেন্তে তোমালোকে সাক্ষী থাকা আৰু ময়ো তোমালোকৰ লগত সাক্ষী থাকিলো।
.
উক্ত আয়াতত মহম্মদৰ(আ:ছা:) নাম নাই, আছে প্ৰথমে উল্লেখ কৰি অহা ৩৩:৪০ নং আয়াতত।
কেৰি-অভাৰ হৈ অহা আল্লাহৰ বাণীৰ ধাৰাবাহিকতাত আগৰ নবীসকলৰ সৈতে কিতাব আৰু তাৰ হিকমতৰ(শিক্ষা) সত্যায়নৰ ওপৰত চীল মোহৰ মাৰে। মন কৰিব এই কাম কেৱল ৱহীৰ লগত সন্মন্ধ থকা ৰছুল মহম্মদে(আ:ছা) কৰিছে, নবী হিচাপে নহয়। গতিকে ৩৩:৪০ নং আয়াতত তেওঁ কাৰো মাজৰ কোনো পুৰুষৰে পিতৃ নহয় আৰু নবী হিচাপে ৩৩:৫৫ নং আয়াতত পিতৃ হিচাপে উল্লেখিত হৈছে।।
_____________________________________
🔺Some messengers We have narrated to you before, and other messengers We have not narrated to you. 4:164
(৪:১৬৪
وَرُسُلًا قَدْ قَصَصْنَاهُمْ عَلَيْكَ مِنْ قَبْلُ وَرُسُلًا لَمْ نَقْصُصْهُمْ عَلَيْكَ ۚ وَكَلَّمَ اللَّهُ مُوسَىٰ تَكْلِيمًا
আৰু বহুতো ৰাছুল, যিসকলৰ বৰ্ণনা আমি তোমাক দিছো আৰু বহুতো ৰাছুল যিসকলৰ বৰ্ণনা আমি তোমাক দিয়া নাই আৰু অৱশ্যে আল্লাহে মূছাৰ লগত সুস্পষ্ট কথা কৈছে।)
.
১০:৪৭
وَلِكُلِّ أُمَّةٍ رَسُولٌ ۖ فَإِذَا جَاءَ رَسُولُهُمْ قُضِيَ بَيْنَهُمْ بِالْقِسْطِ وَهُمْ لَا يُظْلَمُونَ
আৰু প্ৰত্যেক উম্মতৰ বাবেই আছে একোজনকৈ ৰাছুল। এতেকে যেতিয়া সিহঁতৰ ওচৰত ৰাছুল আহে তেতিয়া সিহঁতৰ মাজত ন্যায়ভিত্তিক মীমাংসা কৰা হয় আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহয়।
.
১৬:৩৬
وَلَقَدْ بَعَثْنَا فِي كُلِّ أُمَّةٍ رَسُولًا أَنِ اعْبُدُوا اللَّهَ وَاجْتَنِبُوا الطَّاغُوتَ ۖ فَمِنْهُمْ مَنْ هَدَى اللَّهُ وَمِنْهُمْ مَنْ حَقَّتْ عَلَيْهِ الضَّلَالَةُ ۚ فَسِيرُوا فِي الْأَرْضِ فَانْظُرُوا كَيْفَ كَانَ عَاقِبَةُ الْمُكَذِّبِينَ
আৰু নিশ্চয় আমি প্ৰত্যেক জাতিৰ ওচৰতেই ৰাছুল পঠাইছিলো এই নিৰ্দেশ প্ৰদান কৰি যে, তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তাগুতক পৰিহাৰ কৰা। তাৰ পিছত আল্লাহে সিহঁতৰ কিছুসংখ্যক লোকক হিদায়ত দিছে, আৰু সিহঁতৰ কিছুমানৰ ওপৰত পথভ্ৰষ্টতা সাব্যস্ত হৈছিল; এতেকে তোমালোকে পৃথিৱীত পৰিভ্ৰমণ কৰি চোৱা মিছলীয়াসকলৰ পৰিণাম কি হৈছিল?
Pl see link: ✔️ Selecting Allah's Messenger is a continuous process:
______________________________________
Writer:Muktaraf Group
______________________________________
Comments
Post a Comment