চয়তানে বিশ্বাসীসকলৰ ওপৰত শাৰীৰিক ক্ষতি বা কষ্ট দিব নোৱাৰে

চয়তানে বিশ্বাসীসকলৰ ওপৰত শাৰীৰিক ক্ষতি বা কষ্ট দিব নোৱাৰে
।।।
চয়তানে বিশ্বাসীসকলৰ ওপৰত শাৰীৰিক ক্ষতি বা কষ্ট দিব নোৱাৰে -১৫:৪২ আৰু ১৭:৬৫। কেৱল ফুচফুচাই কোৱা আৰু পাপ কৰিবলৈ প্ৰলোভিত  কৰিব পাৰে-১৪:২২, ২০:১২০।
অৰ্থাৎ ৩৮:৪১ত আইয়্যুবক(আ:ছা:) পাৰিবাৰিক কাৰণত চয়তানে হতাশ কৰি যন্ত্ৰণা আৰু কষ্টত পেলাইছিল। বাইবেলৰ পৰা কপিমাৰি হাদিসত কোৱাৰ দৰে তেওঁৰ কোনো পোক বা সাপে কামুৰি যন্ত্ৰণা দিয়া নাছিল।(🟢Details link at bottom)
.
(১৫:৪২
إِنَّ عِبَادِي لَيْسَ لَكَ عَلَيْهِمْ سُلْطَانٌ إِلَّا مَنِ اتَّبَعَكَ مِنَ الْغَاوِينَ
‘নিশ্চয় মোৰ বান্দাসকলৰ ওপৰত তোমাৰ কোনো ক্ষমতা নাই, কিন্তু পথভ্ৰষ্টসকলৰ বাহিৰে যিসকলে তোমাক অনুসৰণ কৰিব’;
.
১৭:৬৫
إِنَّ عِبَادِي لَيْسَ لَكَ عَلَيْهِمْ سُلْطَانٌ ۚ وَكَفَىٰ بِرَبِّكَ وَكِيلًا
‘নিশ্চয় মোৰ বান্দাসকলৰ ওপৰত তোমাৰ কোনো ক্ষমতা নাই’। কৰ্মবিধায়ক হিচাপে তোমাৰ প্ৰতিপালকেই যথেষ্ট।
.
১৪:২২
وَقَالَ الشَّيْطَانُ لَمَّا قُضِيَ الْأَمْرُ إِنَّ اللَّهَ وَعَدَكُمْ وَعْدَ الْحَقِّ وَوَعَدْتُكُمْ فَأَخْلَفْتُكُمْ ۖ وَمَا كَانَ لِيَ عَلَيْكُمْ مِنْ سُلْطَانٍ إِلَّا أَنْ دَعَوْتُكُمْ فَاسْتَجَبْتُمْ لِي ۖ فَلَا تَلُومُونِي وَلُومُوا أَنْفُسَكُمْ ۖ مَا أَنَا بِمُصْرِخِكُمْ وَمَا أَنْتُمْ بِمُصْرِخِيَّ ۖ إِنِّي كَفَرْتُ بِمَا أَشْرَكْتُمُونِ مِنْ قَبْلُ ۗ إِنَّ الظَّالِمِينَ لَهُمْ عَذَابٌ أَلِيمٌ
আৰু যেতিয়া বিচাৰ কাৰ্য সম্পন্ন হ’ব তেতিয়া চয়তানে ক’ব, ‘নিশ্চয় আল্লাহে তোমালোকক প্ৰতিশ্ৰুতি দিছিল সত্য প্ৰতিশ্ৰুতি, ময়ো তোমালোকক প্ৰতিশ্ৰুতি দিছিলো, কিন্তু মই তোমালোকক দিয়া প্ৰতিশ্ৰুতি ভঙ্গ কৰিছো। তোমালোকৰ ওপৰত মোৰ কোনো আধিপত্য নাছিল, মই কেৱল তোমালোকক আহ্বান কৰিছিলো ফলত তোমালোকে মোৰ আহ্বানত সঁহাৰি দিছিলা। গতিকে তোমালোকে মোক দোষ নিদিবা, তোমালোকে নিজেই নিজকে দোষ দিয়াগৈ। মই তোমালোকৰ উদ্ধাৰকাৰী নহয় আৰু তোমালোকেও মোৰ উদ্ধাৰকাৰী নহয়। তোমালোকে মোক যে ইয়াৰ আগত আল্লাহৰ অংশী কৰিছিলা সেয়া মই অস্বীকাৰ কৰিছো’। নিশ্চয় যালিমসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
.
২০:১২০
فَوَسْوَسَ إِلَيْهِ الشَّيْطَانُ قَالَ يَا آدَمُ هَلْ أَدُلُّكَ عَلَىٰ شَجَرَةِ الْخُلْدِ وَمُلْكٍ لَا يَبْلَىٰ
তাৰ পিছত চয়তানে তেওঁক কুমন্ত্ৰণা দিলে; সি ক’লে, ‘হে আদম! মই তোমাক সেইজোপা গছ দেখুৱামনে যিজোপাৰ দ্বাৰা অমৰত্ব আৰু অক্ষয় ৰাজত্ব লাভ কৰিব পাৰি’?
.
৩৮:৪১
وَاذْكُرْ عَبْدَنَا أَيُّوبَ إِذْ نَادَىٰ رَبَّهُ أَنِّي مَسَّنِيَ الشَّيْطَانُ بِنُصْبٍ وَعَذَابٍ
আৰু স্মৰণ কৰা, আমাৰ বান্দা আইয়্যুবক, যেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, ‘নিশ্চয় মোক চয়তানে যন্ত্ৰণা আৰু কষ্টত পেলাইছে’,)
.
🟢Read the above page in details:link:
.
syedraf 

Comments

Popular posts from this blog

The majority of people are not believers(12:103).Can all those millions of Muslims be wrong?

V/N-14:22(The real Satan is man's own complex of desires(an-nafs)

Head shaving and Qurbani: