৪৭:"ছুৰা মুহাম্মদ"ৰ ০১-০৭ৰ কিছু কথা:(আহমাদ,বদৰ)

৪৭:"ছুৰা মুহাম্মদ"ৰ ০১-০৭ৰ কিছু কথা:
।।।
🔴১)-নবী মহম্মদৰ (আ:ছা:) নামেৰে এই ছুৰাৰ নামাকৰণ কৰা হৈছে।
গোটেই কোৰআনত মুঠ চাৰিবাৰ "মুহাম্মদ"ৰ নামটো আহিছে। যেনেঃ 
১)-৩:১৪৪,
২)-৩৩:৪০,
৩)-৪৮:২৯,
৪)-৪৭:২
আৰু এবাৰ আহিছে "আহমদ" হিচাপে(৬১:৬)। কিন্তু বহুতেই ভবাৰ দৰে আহমদ যে মুহাম্মদৰ নাম তাক কোৰআনৰ ক'তো কোৱা নাই। আয়াতটো মন কৰক:
৬১:৬
وَإِذْ قَالَ عِيسَى ابْنُ مَرْيَمَ يَا بَنِي إِسْرَائِيلَ إِنِّي رَسُولُ اللَّهِ إِلَيْكُمْ مُصَدِّقًا لِمَا بَيْنَ يَدَيَّ مِنَ التَّوْرَاةِ وَمُبَشِّرًا بِرَسُولٍ يَأْتِي مِنْ بَعْدِي اسْمُهُ أَحْمَدُ ۖ فَلَمَّا جَاءَهُمْ بِالْبَيِّنَاتِ قَالُوا هَٰذَا سِحْرٌ مُبِينٌ
আৰু স্মৰণ কৰা, যেতিয়া মাৰয়ামৰ পুত্ৰ ঈছাই কৈছিল, হে বনী ইছৰাঈল! ‘নিশ্চয় মই তোমালোকৰ প্ৰতি প্ৰেৰিত আল্লাহৰ ৰাছুল আৰু মোৰ পূৰ্বৱৰ্তী তাওৰাতৰ সত্যায়নকাৰী আৰু এজন ✔️ৰাছুলৰ সুসংবাদদাতা, যিজন মোৰ পিছত আহিব, যাৰ নাম ✔️আহমদ’। তাৰ পিছত তেওঁ যেতিয়া সুস্পষ্ট নিদৰ্শনসমূহ লৈ আগমন কৰিলে, তেতিয়া সিহঁতে ক’লে, ‘এয়া স্পষ্ট যাদু’।
.
অৰ্থাৎ ঈছাই(আ:ছা:) ভৱিষ্যত বাণী কৰা ৰাছুলজন যে মহম্মদ তাক আল্লাহে কোৱা নাই। তেন্তে কোন এইজন ৰছুল!!? এই সৰু ভিডিঅ'টো চাওঁক:
।।।
আৰু এটা কথা:
ওপৰত দিয়া ৩৩:৪০আয়াতটো তলত চাওঁক -
৩৩:৪০
مَا كَانَ مُحَمَّدٌ أَبَا أَحَدٍ مِنْ رِجَالِكُمْ وَلَٰكِنْ رَسُولَ اللَّهِ وَخَاتَمَ النَّبِيِّينَ ۗ وَكَانَ اللَّهُ بِكُلِّ شَيْءٍ عَلِيمًا
মুহাম্মদ তোমালোকৰ মাজৰ কোনো পুৰুষৰে পিতৃ নহয়, বৰং তেওঁ আল্লাহৰ ৰাছুল আৰু সৰ্বশেষ নবী। আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।

"মুহাম্মদ তোমালোকৰ মাজৰ কোনো পুৰুষৰে পিতৃ নহয়,"- অৰ্থাৎ আব্দুল্লাৰ পুত্ৰ মহম্মদ এই আয়াতত উল্লেখিত মহম্মদ নহয়। তেন্তে এই মহম্মদজন কোন!!?
___________________________________________
🟢২)-ঢাল তৰোৱাল বন্দুক আদিৰে যুদ্ধ কৰি ইছলাম গ্ৰহণ কৰোৱাবলৈ আল্লাহে কোৱা নাই।
(দ্বীন গ্ৰহণৰ ক্ষেত্ৰত কোনো জোৰ-জবৰদস্তি নাই(لَا إِكْرَاهَ فِي الدِّينِ)-২:২৫৬)
.
গতিকে কোৰআনৰ নবী মহম্মদে(আ:ছা:) ইছলাম প্ৰচাৰৰ বাবে এখনো যুদ্ধ কৰা নাছিল। কোনোবাই আক্ৰমণ কৰিলে প্ৰতিৰক্ষাৰ বাবে সাজুহৈ থকাতো সুকিয়া কথা। বিখ্যাত ওহুদ যুদ্ধৰ লগত মহম্মদৰ কোনো সম্পৰ্ক নাই। 
⬇️
NO BATTLE OF BADR IN QURAN
Press Link:
⬇️
৩:১২৩
وَلَقَدْ نَصَرَكُمُ اللَّهُ بِبَدْرٍ➡️ وَأَنْتُمْ أَذِلَّةٌ ۖ فَاتَّقُوا اللَّهَ لَعَلَّكُمْ تَشْكُرُونَ
আৰু ➡️বদৰৰ (Xযুদ্ধত) নিশ্চয় আল্লাহে তোমালোকক সহায় কৰিছল সেই সময়ত তোমালোক অতি দুৰ্বল আছিলা। এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা।
Ba-Dal-Ra(بَدْرٍ)=Root Meaning=become full/grown/round/large (e.g. full moon), attained maturity,
।।।
ভুল অনুবাদ আৰু কোৰআনৰ বাহিৰৰ আব্দুল্লাৰ পুত্ৰ মহম্মদক কোৰআনৰ মাজলৈ টানি আনি ইছলাম গ্ৰহণৰ নামত অতি কৌশলেৰে যুদ্ধ হত্যা আদি ৰক্তাক্ত পৰিবেশনৰ সৃষ্টি কৰা হয়, য'ত ঢাল তৰোৱাল বন্দুক আদিৰে যুদ্ধ হত্যাৰ কথা নায়েই।
মন কৰিবঃ
কোৰআনত হাৰ্ব বা কাটিল শব্দ পালেই বাহিৰৰ মহম্মদৰ হতুৱাই যুদ্ধৰ অৱতাৰনা কৰা হয়। কোৰআনত এই শব্দবোৰ অৰ্থ তৰ্ক যুদ্ধ,মানে চাইকলজিকেল।
ভালকৈ মন কৰিলেই কোৰআনৰ এই কথাবোৰ বুজিব পাৰি। যদি আল্লাহৰ লগত যুদ্ধ কৰিবলৈ দিয়া হয়, তেন্তে ঢাল তৰোৱাল বন্দুক আদিৰে যুদ্ধ কৰি জিকিব পাৰিবনে? নোৱাৰে। 
ইয়াৰ পৰাই বুজিব পাৰি কোৰআনত হাৰ্ব বা কাটিল শব্দবোৰৰ অৰ্থ চাইকলজিকেল যুদ্ধ। তলৰ আয়াতংশ মন কৰকঃ
৯:১০৭- same Root of  ḥāraba=
"...ইয়াৰ আগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধে যিসকলে যুদ্ধ কৰিছিল(warred)..."।
।।। syedraf।।। #muktabulhussain ।।।

Comments

Popular posts from this blog

✔️NO FIVE DAILY PRAYERS IN THE QURAN

Head shaving and Qurbani:

The majority of people are not believers(12:103).Can all those millions of Muslims be wrong?