আল্লাহৰ অনুমতি(إِذْنِ اللَّهِ): ‏অৰ্থাৎ আল্লাহৰ আইন-কানুন:

আল্লাহৰ অনুমতি(إِذْنِ اللَّهِ): অৰ্থাৎ আল্লাহৰ আইন-কানুন:
(আল্লাহৰ অনুমতিবিহীন কাৰো পক্ষে ঈমান পোষণ কৰা সম্ভৱ নহয়)
।।।
৩:১৪৫
وَمَا كَانَ لِنَفْسٍ أَنْ تَمُوتَ إِلَّا ⬅️بِإِذْنِ اللَّهِ كِتَابًا مُؤَجَّلًا ۗ وَمَنْ يُرِدْ ثَوَابَ الدُّنْيَا نُؤْتِهِ مِنْهَا وَمَنْ يُرِدْ ثَوَابَ الْآخِرَةِ نُؤْتِهِ مِنْهَا ۚ وَسَنَجْزِي الشَّاكِرِينَ
আল্লাহৰ অনুমতিবিহীন কাৰো মৃত্যু হ’ব নোৱাৰে, যিহেতু এয়া সুনিৰ্দিষ্টভাৱে লিখিত আছে। যিয়ে পাৰ্থিৱ পুৰস্কাৰ বিচাৰে আমি তাক ইয়াৰ পৰা প্ৰদান কৰোঁ আৰু যিয়ে আখিৰাতৰ পুৰস্কাৰ বিচাৰে আমি তাক তাৰে পৰা প্ৰদান কৰোঁ আৰু অনতিপলমে আমি কৃতজ্ঞসকলক পুৰস্কৃত কৰিম।
.
৪:৬৪
وَمَا أَرْسَلْنَا مِنْ رَسُولٍ إِلَّا لِيُطَاعَ ⬅️بِإِذْنِ اللَّهِ ۚ وَلَوْ أَنَّهُمْ إِذْ ظَلَمُوا أَنْفُسَهُمْ جَاءُوكَ فَاسْتَغْفَرُوا اللَّهَ وَاسْتَغْفَرَ لَهُمُ الرَّسُولُ لَوَجَدُوا اللَّهَ تَوَّابًا رَحِيمًا
আৰু আমি যিকোনো ৰাছুল প্ৰেৰণ কৰিছো সেয়া কেৱল এইবাবে যে, যাতে আল্লাহৰ অনুমতিক্ৰমে তেওঁলোকৰ আনুগত্য কৰা হয়, যেতিয়া সিহঁতে নিজৰ প্ৰতি অন্যায় কৰে তেতিয়া সিহঁতে তোমাৰ ওচৰত আহিলে আৰু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে আৰু ৰাছুলেও সিহঁতৰ বিষয়ে ক্ষমা বিচাৰিলে সিহঁতে নিশ্চয় আল্লাহক পৰম ক্ষমাশীল আৰু পৰম দয়ালুৰূপে পাব।
.
১০:১০০
وَمَا كَانَ لِنَفْسٍ أَنْ تُؤْمِنَ إِلَّا ⬅️بِإِذْنِ اللَّهِ ۚ وَيَجْعَلُ الرِّجْسَ عَلَى الَّذِينَ لَا يَعْقِلُونَ
আৰু আল্লাহৰ অনুমতিবিহীন কাৰো পক্ষে ঈমান পোষণ কৰা সম্ভৱ নহয় আৰু যিসকলে নুবুজে আল্লাহে সিহঁতকেই কলুষলিপ্ত কৰে।
.
তলৰ সৰু ভিডিঅ'টোত আল্লাহৰ অনুমতি(إِذْنِ اللَّهِ):ৰ বিষয়ে বুজুৱা হৈছে: https://rb.gy/48edu
।।। syedraf ।।।

Comments

Popular posts from this blog

V/N-14:22(The real Satan is man's own complex of desires(an-nafs)

The majority of people are not believers(12:103).Can all those millions of Muslims be wrong?

Preserving and protecting Quran