Ahsanal Hadith-1(sl.1-sl.5)
سَلَامٌ عَلَيْكُمْ(6:54)
أَعُوْذُ بِاللّٰهِ مِنَ الشَّيْطٰانِ الرَّجِيْمِ(16:98)
رَبِّ أَعُوذُ بِكَ مِنْ هَمَزَاتِ الشَّيَاطِينِ وَأَعُوذُ بِكَ رَبِّ أَنْ يَحْضُرُونِ (23:97-98)
.
بِسْمِ اللَّهِ الرَّحْمَـٰنِ الرَّحِيمِ
(আৰম্ভ কৰিছো) এল্লাহৰ📌 নামত যি পৰম কৰুণাময়, অতি দয়ালু।
In (the) name-bis'miبِسْمِ
(of) E'llah,l-lahiاللَّهِ
the Most Gracious,l-raḥmāniالرَّحْمَن
the Most Merciful.l-raḥīmiالرَّحِيمِ
(📌-কিয় এল্লাহ শেষত চাব)
এইটো কোৰআন মুজিদৰ চুৰা ফাতেহাৰ প্ৰথম আয়াত।
.
আমি এই লিখনিৰ নামাকৰণ কৰিছো
"আহছানাল-হাদিস" নামেৰে।
হাদিস মানে কি?
হাদিস আৰু চুন্নাহ বুলিলে আমাৰ মনলৈ তাতক্ষণিক ভাৱে বুখাৰি, মুছলিম, আবু দাউদ, নাচাঈ বা মজহৱবোৰৰ ঈমামসকলে সংগ্ৰহ কৰা গ্ৰন্থবোৰৰ কথাই মনলৈ আহে আৰু তাত থকা কথা আৰু কামবোৰ মহম্মদৰ আঃছাঃ বুলি জানি আহিছো।
আমি সময় সাপেক্ষে এইবোৰ মাজে মাজে আলোচনা কৰিম।
.
হাদিস মানে কথা, ঘটনা, বাণী, বৃত্তান্ত, কথা-বতৰা, সংবাদ, কাহিনী ইত্যাদি। আৰু এইবিলাকে যেতিয়া ব্যৱহাৰিক ৰূপ লয় তেতিয়া তাক কোৱা হয় চুন্নত।
হাদিস আৰু চুন্নাহ বুলিলে সচৰাচৰ আমি নবী মহম্মদে(আঃছাঃ📌)কোৱা কথা বতৰা আৰু ইয়াৰ কিছুমান ব্যৱহাৰৰ নিয়ম নীতিবোৰক চুন্নত বুলি বোজো। কিন্তু যিবোৰৰ কথা কোৰআনত এল্লাহে হুকুম কৰিছে কিন্তু তাৰ ব্যৱহাৰিক দিশটো কোৰআনত নাই যিটোক ৰছুলে নিজাববীয়াকৈ কেনেকৈ কৰিব লাগে তাক দেখুৱাই দিছে তাক ফৰ্জ বুলি কোৱা হয়। আচলে এই শব্দটো হ'ব লাগিছিল এটা খিচিৰী শব্দ এই ধৰক ফৰজাচুন্নাহ মানে তেনেকুৱা এটা কিবা শব্দ, যেনেঃ ছালাত(কথিত নামাজ)। ফৰ্জ শব্দটো এটা কম্পেক্ত শব্দ যাক ভাগ কৰিব নোৱাৰি। গতিকে ফৰ্জ, ৱাজিব, চুন্নাত, নফলআদি বোৰ স্বত্ৰন্ত(indipedent) শব্দ। ইয়াক কোনো খিচিৰী শব্দ "ফৰজাচুন্নাহ" বনাব নোৱাৰি। কিন্তু বাস্তৱত সেইটোৱেই হৈআছে।
আচলতে হাদিস, ফৰ্জ, চুন্নাহ, নফল আদিবোৰ কোৰআনৰ শব্দ। আচৰিত লাগিছে?
চাওঁক, ওপৰত কৈঅহা হাদিস শব্দটো কোৰআনত কেনেকৈ ব্যৱহাৰ হৈছেঃ(4:42 মানে কোৰআনৰ ছুৰা নং-4 আৰু আয়াত নং-42)।
🔺কথাঃ 4:42,78,87.140, 6:68, 7:185, 45:6, 53:59, 66:3 ইত্যাদি।
এটা উদাহৰণঃ
٨٧:٤
اللَّهُ لَا إِلَٰهَ إِلَّا هُوَ ۚ لَيَجْمَعَنَّكُمْ إِلَىٰ يَوْمِ الْقِيَامَةِ لَا رَيْبَ فِيهِ ۗ وَمَنْ أَصْدَقُ مِنَ اللَّهِ ✔حَدِيثًا
৪:৮৭
আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই; নিশ্চয় তেৱেঁই তোমালোকক কিয়ামতৰ দিনা একত্ৰিত কৰিব, ইয়াত কোনো সন্দেহ নাই; আৰু কথাত আল্লাহতকৈ অধিক সত্যবাদী আৰু কোন হব পাৰে?
.
🔺ঘটনাঃ(event) 12:6, 21, 101, 79:15 ইত্যাদি।
এটা উদাহৰণঃ
٦:١٢
وَكَذَٰلِكَ يَجْتَبِيكَ رَبُّكَ وَيُعَلِّمُكَ مِنْ تَأْوِيلِ الْأَحَادِيثِ وَيُتِمُّ نِعْمَتَهُ عَلَيْكَ وَعَلَىٰ آلِ يَعْقُوبَ كَمَا أَتَمَّهَا عَلَىٰ أَبَوَيْكَ مِنْ قَبْلُ إِبْرَاهِيمَ وَإِسْحَاقَ ۚ إِنَّ رَبَّكَ عَلِيمٌ ✔حَكِيمٌ
১২:৬
আৰু এইদৰে তোমাৰ প্ৰতিপালকে তোমাক মনোনীত কৰিব আৰু তোমাক সপোনৰ ব্যাখ্যা শিক্ষা দিব আৰু তোমাৰ ওপৰত লগতে ইয়াকূবৰ পৰিয়ালৰ ওপৰত তেওঁৰ অনুগ্ৰহ পূৰ্ণ কৰিব, যেনেকৈ তেওঁ এইটো পূৰ্ণ কৰিছিল ইয়াৰ আগত তোমাৰ পিতৃ-পুৰুষ ইব্ৰাহীম আৰু ইছহাক্বৰ ওপৰত। নিশ্চয় তোমাৰ ৰব সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
.
🔺বৃত্তান্তঃ 12:111, 20:91, 51:24, 85:17 ইত্যাদি।
এটা উদাহৰণঃ
١٧:٨٥
هَلْ أَتَاكَ ✔حَدِيثُ الْجُنُودِ
৮৫:১৭
তোমাৰ ওচৰত সৈন্যবাহিনীৰ বৃত্তান্ত আহিছেন?
.
🔺বাণীঃ 18:6, 52:34, 56:81, 68:44, 77:50 ইত্যাদি।
এটা উদাহৰণঃ
٣٤:٥٢
فَلْيَأْتُوا بِحَدِيثٍ مِثْلِهِ إِنْ كَانُوا صَادِقِينَ
৫২:৩৪
তেন্তে সিহঁতে যদি সত্যবাদী, তেতিয়াহ’লে সিহঁতে ইয়াৰ দৰে কোনো বাণী লৈ আহকচোন!
.
🔺কথা-বতৰাঃ 33:53 ইত্যাদি।
٥٣:٣٣
يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تَدْخُلُوا بُيُوتَ النَّبِيِّ إِلَّا أَنْ يُؤْذَنَ لَكُمْ إِلَىٰ طَعَامٍ غَيْرَ نَاظِرِينَ إِنَاهُ وَلَٰكِنْ إِذَا دُعِيتُمْ فَادْخُلُوا فَإِذَا طَعِمْتُمْ فَانْتَشِرُوا وَلَا مُسْتَأْنِسِينَ ✔لِحَدِيثٍ ۚ إِنَّ ذَٰلِكُمْ كَانَ يُؤْذِي النَّبِيَّ فَيَسْتَحْيِي مِنْكُمْ ۖ وَاللَّهُ لَا يَسْتَحْيِي مِنَ الْحَقِّ ۚ وَإِذَا سَأَلْتُمُوهُنَّ مَتَاعًا فَاسْأَلُوهُنَّ مِنْ وَرَاءِ حِجَابٍ ۚ ذَٰلِكُمْ أَطْهَرُ لِقُلُوبِكُمْ وَقُلُوبِهِنَّ ۚ وَمَا كَانَ لَكُمْ أَنْ تُؤْذُوا رَسُولَ اللَّهِ وَلَا أَنْ تَنْكِحُوا أَزْوَاجَهُ مِنْ بَعْدِهِ أَبَدًا ۚ إِنَّ ذَٰلِكُمْ كَانَ عِنْدَ اللَّهِ عَظِيمًا
৩৩:৫৩
হে মুমিনসকল! তোমালোকে নবীৰ ঘৰসমূহত বিনা অনুমতিত প্ৰৱেশ নকৰিবা, অৱশ্যে যদি তোমালোকক খোৱাৰ অনুমতি দিয়া হয় তেন্তে (এনে সময়ত) প্ৰৱেশ কৰা যাতে খোৱাৰ বাবে অপেক্ষা কৰিবলগীয়া নহয়। এতেকে যেতিয়া তোমালোকক নিমন্ত্ৰণ কৰা হ’ব তেতিয়া তোমালোকে প্ৰৱেশ কৰিবা, কিন্তু খোৱা শেষ হ’লেই তোমালোকে গুচি যাবা, কথা-বতৰাত ব্যস্ত নহ’বা। নিশ্চয় তোমালোকৰ এই আচৰণে নবীক কষ্ট দিয়ে, কাৰণ তেওঁ তোমালোকক উঠাই দিবলৈ সংকোচ বোধ কৰে। কিন্তু আল্লাহে সত্য কথাত সংকোচ বোধ নকৰে। তোমালোকে তেওঁৰ পত্নীসকলৰ পৰা কিবা বিচাৰিলে পৰ্দাৰ আঁৰৰ পৰা বিচাৰিবা। এই বিধান তোমালোকৰ আৰু তেওঁলোকৰ হৃদয়ৰ বাবে বেছি পৱিত্ৰ। আল্লাহৰ ৰাছুলক কষ্ট দিয়া তোমালোকৰ বাবে উচিত নহয় আৰু তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ স্ত্ৰীসকলক বিয়া কৰাটোও তোমালোকৰ বাবে কেতিয়াও বৈধ নহয়। নিশ্চয় আল্লাহৰ ওচৰত এইটো মহা অপৰাধ।
.
🔺সংবাদঃ 88:1
١:٨٨
بِسْمِ اللَّهِ الرَّحْمَٰنِ الرَّحِيمِ هَلْ أَتَاكَ ✔حَدِيثُ الْغَاشِيَةِ
৮৮:১
তোমাৰ ওচৰত আচ্ছন্নকাৰী (কিয়ামতৰ) সংবাদ আহিছেনে?
.
🔺কাহিনীঃ 23:44, 34:19
٤٤:٢٣
ثُمَّ أَرْسَلْنَا رُسُلَنَا تَتْرَىٰ ۖ كُلَّ مَا جَاءَ أُمَّةً رَسُولُهَا كَذَّبُوهُ ۚ فَأَتْبَعْنَا بَعْضَهُمْ بَعْضًا وَجَعَلْنَاهُمْ ✔أَحَادِيثَ ۚ فَبُعْدًا لِقَوْمٍ لَا يُؤْمِنُونَ
২৩:৪৪
ইয়াৰ পিছত আমি এজনৰ পিছত এজনকৈ আমাৰ ৰাছুলসকলক প্ৰেৰণ কৰিছো। যেতিয়াই কোনো জাতিৰ ওচৰত সিহঁতৰ ৰাছুল আহিছে তেতিয়াই সিহঁতে তেওঁক অস্বীকাৰ কৰিছে। ফলত আমি সিহঁতক এটাৰ পিছত এটাকৈ ধ্বংস কৰি কাহিনীত পৰিণত কৰিছো। এতেকে যিসকলে ঈমান পোষণ নকৰে সেইবোৰ সম্প্ৰদায়ৰ বাবে কেৱল ধ্বংসই ধ্বংস!
.
١٩:٣٤
فَقَالُوا رَبَّنَا بَاعِدْ بَيْنَ أَسْفَارِنَا وَظَلَمُوا أَنْفُسَهُمْ فَجَعَلْنَاهُمْ ✔أَحَادِيثَ وَمَزَّقْنَاهُمْ كُلَّ مُمَزَّقٍ ۚ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِكُلِّ صَبَّارٍ شَكُورٍ
৩৪:১৯
তাৰ পিছত সিহঁতে ক’লে, ‘হে আমাৰ ৰব! আমাৰ ভ্ৰমণৰ দুৰত্ব দীৰ্ঘ কৰি দিয়া’। সিহঁতে নিজৰে প্ৰতি অন্যায় কৰিছিল। ফলত আমি সিহঁতক কাহিনীৰ বিষয় বস্তুত পৰিণত কৰিলো আৰু সিহঁতক সম্পূৰ্ণৰূপে ছিন্ন-বিচ্ছিন্ন কৰি দিলো। নিশ্চয় ইয়াত আছে নিদৰ্শন, প্ৰত্যেক ধৈৰ্যশীল, কৃতজ্ঞ ব্যক্তিৰ বাবে।
..
ক্ৰমিক নংঃ-3(যোৱা সংখ্যাৰ পিছৰ পৰা...)
🔴"আহছানাল-হাদিস"
.
🔺সংবাদঃ 88:1
١:٨٨
بِسْمِ اللَّهِ الرَّحْمَٰنِ الرَّحِيمِ هَلْ أَتَاكَ ✔حَدِيثُ الْغَاشِيَةِ
৮৮:১
তোমাৰ ওচৰত আচ্ছন্নকাৰী (কিয়ামতৰ) সংবাদ আহিছেনে?
.
🔺কাহিনীঃ 23:44, 34:19
٤٤:٢٣
ثُمَّ أَرْسَلْنَا رُسُلَنَا تَتْرَىٰ ۖ كُلَّ مَا جَاءَ أُمَّةً رَسُولُهَا كَذَّبُوهُ ۚ فَأَتْبَعْنَا بَعْضَهُمْ بَعْضًا وَجَعَلْنَاهُمْ ✔أَحَادِيثَ ۚ فَبُعْدًا لِقَوْمٍ لَا يُؤْمِنُونَ
২৩:৪৪
ইয়াৰ পিছত আমি এজনৰ পিছত এজনকৈ আমাৰ ৰাছুলসকলক প্ৰেৰণ কৰিছো। যেতিয়াই কোনো জাতিৰ ওচৰত সিহঁতৰ ৰাছুল আহিছে তেতিয়াই সিহঁতে তেওঁক অস্বীকাৰ কৰিছে। ফলত আমি সিহঁতক এটাৰ পিছত এটাকৈ ধ্বংস কৰি কাহিনীত পৰিণত কৰিছো। এতেকে যিসকলে ঈমান পোষণ নকৰে সেইবোৰ সম্প্ৰদায়ৰ বাবে কেৱল ধ্বংসই ধ্বংস!
.
١٩:٣٤
فَقَالُوا رَبَّنَا بَاعِدْ بَيْنَ أَسْفَارِنَا وَظَلَمُوا أَنْفُسَهُمْ فَجَعَلْنَاهُمْ ✔أَحَادِيثَ وَمَزَّقْنَاهُمْ كُلَّ مُمَزَّقٍ ۚ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِكُلِّ صَبَّارٍ شَكُورٍ
৩৪:১৯
তাৰ পিছত সিহঁতে ক’লে, ‘হে আমাৰ ৰব! আমাৰ ভ্ৰমণৰ দুৰত্ব দীৰ্ঘ কৰি দিয়া’। সিহঁতে নিজৰে প্ৰতি অন্যায় কৰিছিল। ফলত আমি সিহঁতক কাহিনীৰ বিষয় বস্তুত পৰিণত কৰিলো আৰু সিহঁতক সম্পূৰ্ণৰূপে ছিন্ন-বিচ্ছিন্ন কৰি দিলো। নিশ্চয় ইয়াত আছে নিদৰ্শন, প্ৰত্যেক ধৈৰ্যশীল, কৃতজ্ঞ ব্যক্তিৰ বাবে।
.
আমি কোৰআনত যি হাদিসৰ কথা কৈআছো তাৰ আৰু তিনিবিধ বিশেষ ধৰণৰ হাদিস আছে যিটোৰ বিষয়ে পিছলৈ আলোচনা কৰা হ'ব(📌)।
ইয়াৰে এবিধ আগতে উল্লেখ কৰি অহা হৈছে, সেইটো হৈছে, ছুৰা আল-ফা'ত-48:29।
ইয়াৰ কেবাটাও বিশেষত্ব আছেঃ
1- দীঘল আয়াত,
2-আৰৱী বৰ্ণমালাৰ আটাইকেইতা আখৰ আছে,
3-(33:53) ছালাতৰ(কথিত-নামাজ) গুণাগুন নিৰূপন কৰে,
4- ইতিহাসৰ ওপৰত প্ৰশ্ন তুলে, আৰু
5- সকলো তথা-কথিত হাদিসৰ ওপৰত স্টেণ্ডদাৰ্দ তুলাচানীৰ কাম কৰে।
(📌-এই চিহ্ন থকাবোৰ লিখনীৰ ধাৰাবাহিকতা অটুত ৰখাৰ বাবে পিছলৈ আলোচনাৰ বাবে ৰখা হৈছে)।
.
(হাদিসৰ অনুসন্ধানত)
✒comp✒edit✒writer✒syedraf✒
(লিখনীৰ আঁৰৰ বিশেষজ্ঞসকলঃ
মুক্তাবুল হুছেইন(ভাৰত), ছুৱেব আব্দুল্লাহি(ঘানা), ৱাহিদুজ্জ জামান(বাংলাদেশ), মহম্মদ শেখ(নিউয়ৰ্ক)।
.
ক্ৰমশঃ
.................
ক্ৰমিক নংঃ-4(যোৱা সংখ্যাৰ পিছৰ পৰা...)
🔴"আহছানাল-হাদিস"
.
চুন্নাহ সম্পৰ্কে আগতে কৈআহিছো। তলৰ ইংৰাজীৰ লেখাখিনিৰ পৰা প্ৰচলিত হাদিস-চুন্নাহৰ বিষয়ে আৰু কিছু আভাষ পৰিষ্কাৰ হ'ব।
A hadeeth (Arabic plural: ahaadeeth) is, in general terms, a saying of the Prophet, peace be upon him. For example, he said: When one of you prays the Friday prayer, let him pray four(4) units of (voluntary), prayers after it.
Sunnah, on the other hand, is the ahaadeeth of the Prophet, peace be upon him, plus his actions (like his persistence in praying two units of prayer before Fajr prayer, always, even while traveling), his thaqreeraath (things which he saw people do, but didn't prohibit them from doing it, like when he saw Khalid bin Waleed eating the meat of a type of a lizard thing which lives in the desert), and his physical attributes (like he had long hair, sometimes), and his manners (like he used to smile, like, a lot).
.
আল কোৰআনত চুন্নাত শব্দটো একবচনত ন' (৯)টা আয়াতত আৰু বহুবচনত দুটা(২) আয়াতত ব্যবহৃত হৈছে।
ইয়াৰ ভিতৰত পাঁচটা(৫) আয়াতত কোঁৱা হৈছে ‘চুন্নাতাল্লাহ’ তথা ‘এল্লাহৰ প্রৱর্তিত নীতি/ বিধি’। আয়াতবোৰ হৈছে, ৩৩:৩৮, ৩৩:৬২, ৪০:৮৫, ৪৮:২৩, ১৭:৭৭ ।
⬇⬇⬇
٣٨:٣٣
مَا كَانَ عَلَى النَّبِيِّ مِنْ حَرَجٍ فِيمَا فَرَضَ اللَّهُ لَهُ ۖ ✔سُنَّةَ اللَّهِ فِي الَّذِينَ خَلَوْا مِنْ قَبْلُ ۚ وَكَانَ أَمْرُ اللَّهِ قَدَرًا مَقْدُورًا
৩৩:৩৮
সেইটো কৰিলে নবীৰ কোনো দোষ নহয় যিটো তেওঁৰ বাবে আল্লাহে বিধিসন্মত কৰিছে। পূৰ্বে যিসকল অতিবাহিত হৈছে তেওঁলোকৰ বাবেও এইটোৱেই আছিল আল্লাহৰ বিধান। আল্লাহৰ ফয়চালা সুনিৰ্ধাৰিত, অৱশ্যম্ভাৱী।
.
٦٢:٣٣
✔سُنَّةَ اللَّهِ فِي الَّذِينَ خَلَوْا مِنْ قَبْلُ ۖ وَلَنْ تَجِدَ لِسُنَّةِ اللَّهِ تَبْدِيلًا
৩৩:৬২
পূৰ্বে যিসকলে অতিবাহিত হৈছে সিহঁতৰ বিষয়েও এইটোৱেই আছিল আল্লাহৰ ৰীতি। তুমি কেতিয়াও আল্লাহৰ ৰীতিত কোনো পৰিবৰ্তন নাপাবা।
.
٨٥:٤٠
فَلَمْ يَكُ يَنْفَعُهُمْ إِيمَانُهُمْ لَمَّا رَأَوْا بَأْسَنَا ۖ ✔سُنَّتَ اللَّهِ الَّتِي قَدْ خَلَتْ فِي عِبَادِهِ ۖ وَخَسِرَ هُنَالِكَ الْكَافِرُونَ
৪০:৮৫
কিন্তু আমাৰ শাস্তি দেখা পোৱাৰ পিছত সিহঁতে লৈ অহা ঈমান সিহঁতৰ কোনো উপকাৰত নাহিল। আল্লাহৰ এই বিধান পূৰ্বৰে পৰা তেওঁৰ বান্দাসকলৰ মাজত চলি আহিছে আৰু তেতিয়াই কাফিৰসকল ক্ষতিগ্ৰস্ত হৈছে।
.
٢٣:٤٨
سُنَّةَ اللَّهِ الَّتِي قَدْ خَلَتْ مِنْ قَبْلُ ۖ وَلَنْ تَجِدَ ✔لِسُنَّةِ اللَّهِ تَبْدِيلًا
৪৮:২৩
এইটোৱে আল্লাহৰ বিধান--- পূৰ্বৰে পৰা যিটো চলি আহিছে, তুমি আল্লাহৰ বিধানত কোনো পৰিবৰ্তন নাপাবা।
.
٧٧:١٧
سُنَّةَ مَنْ قَدْ أَرْسَلْنَا قَبْلَكَ مِنْ رُسُلِنَا ۖ وَلَا تَجِدُ لِسُنَّتِنَا تَحْوِيلًا
১৭:৭৭
আমাৰ ৰাছুলসকলৰ মাজত তোমাৰ পূৰ্বে যিসকলক প্ৰেৰণ কৰিছিলো তেওঁলোকৰ ক্ষেত্ৰতো আছিল এইটোৱেই নিয়ম আৰু তুমি আমাৰ নিয়মৰ কোনো পৰিবৰ্তন নাপাবা।
(১৭:৭৭ এই আয়াত অলপ পিছত আলোচিত হৈছে)।
.
(হাদিসৰ অনুসন্ধানত)
✒comp✒edit✒writer✒syedraf✒
.
(লিখনীৰ আঁৰৰ বিশেষজ্ঞসকলঃ
মুক্তাবুল হুছেইন(ভাৰত), ছুৱেব আব্দুল্লাহি(ঘানা), ৱাহিদুজ্জ জামান(বাংলাদেশ), মহম্মদ শেখ (নিউয়ৰ্ক)।
ক্ৰমশঃ
.
ক্ৰমিক নংঃ-5-(যোৱা সংখ্যাৰ পিছৰ পৰা...)
🔴"আহছানাল-হাদিস"
⬇⬇
আৰু চাৰিটা(৪) আয়াতত কোঁৱা হৈছে ‘চুন্নাতুল আওয়ালীন’ তথা ‘(কোৰআন নাজিলৰ) পূর্ববর্তীসকলৰ ক্ষেত্রত প্রয়োগকৃত নীতি/ বিধি’। আয়াতবোৰ হৈছে, ৮:৩৮, ১৫:১৩, ১৮:৫৫, ৩৫:৪৩।
.
ইয়াৰ ভিতৰত ১৭:৭৭ আয়াতৰ প্রথমাংশত কোঁৱা হৈছে, ‘চুন্নাতু মান ক্বাদ আৰছালনা ক্বাবলাকা মিৰ ৰুছুলিনা’(سُنَّةَ مَنْ قَدْ أَرْسَلْنَا قَبْلَكَ مِنْ رُسُلِنَا ) মানে ‘তোমাৰ আগত আমি আমাৰ যিবোৰ ৰছুলসকলক প্রেৰণ কৰিছিলো তেওঁলোকৰ ক্ষেত্রত প্রয়োগকৃত নীতি/ বিধি’।
বাক্যত ব্যবহাৰৰ দিশৰ পৰাও এই আয়াতৰ অনুৰূপ ব্যাকৰণিক প্যাটার্নত বহুবচনত ‘ছুনান’ শব্দ ব্যবহৃত হৈছে ৪:২৬নং আয়াতত,
(٢٦:٤
يُرِيدُ اللَّهُ لِيُبَيِّنَ لَكُمْ وَيَهْدِيَكُمْ سُنَنَ الَّذِينَ مِنْ قَبْلِكُمْ وَيَتُوبَ عَلَيْكُمْ ۗ وَاللَّهُ عَلِيمٌ حَكِيمٌ
৪:২৬
আল্লাহে তোমালোকৰ ওচৰত বিশদভাৱে বৰ্ণনা কৰিব বিচাৰে, আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ ৰীতিনীতি তোমালোকক অৱহিত কৰিব বিচাৰে লগতে তোমালোকক ক্ষমা কৰিব বিচাৰে। আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।)
‘ছুনানাল্লাযীনা মিন ক্বাবলিকুম’(سُنَنَ الَّذِينَ مِنْ قَبْلِكُمْ) মানে ‘তোমাৰ আগত যিসকল আছিল তেওঁলোকৰ ক্ষেত্রতো প্রয়োগকৃত নীতিসমূহ/ বিধিসমূহ’।
ইয়াৰোপৰি ৩:১৩৭নং আয়াতত ‘ছুনান’ তথা ‘নীতিসমূহ/ বিধিসমূহ’ শব্দটো ব্যবহৃত হৈছে, য'ত কোৱঁ হৈছে, ‘ক্বাদ খালাত মিন ক্বাবলিকুম ছুনান, ফাছীৰূ ফিল আৰদি ফানযুৰূ কায়ফা কানা আক্বিবাতুল মুকাজযিবীন?’ অর্থাৎ ‘নিশ্চয় তোমালোকৰ আগত বহু নীতি/ বিধি অতিবাহিত (প্রয়োগকৃত) হৈছিল, গতিকে তোমালোকে পৃথিবীত ভ্রমণ কৰি চোৱা, কেনেৰূপ হৈছিল সত্যক মিছা সাব্যস্তকাৰীসকলৰ পৰিণতি?’।
গতিকে আল কোৰআনত এবাৰো 🔰‘চুন্নাতু ৰছুলুল্লাহ’ বা ‘ৰছুলুল্লাহৰ ছুন্নাত’ শব্দটো ব্যবহৃত হোৱা নাই। আল কোৰআনৰ আলোকত এই কথা স্পষ্টযে, ৰছুলুল্লাহৰ নিজৰ পৰা প্রবর্তিত কোনো ছুন্নাত থাকিব নোৱাৰে। আল্লাহ প্রদত্ত চুন্নাতেই ৰছুলে বাস্তবায়ন কৰিছিল।
এই কথাবোৰ মুফটি, মৌলানা, মুল্লাক বুজাব নোৱাৰি কাৰণ চুন্নাতেৰছুলুল্লাহৰ নামতেই তেওঁলোক চলি আছে আৰু সামান্তৰাল ভাৱে এইবোৰ সমাজতো চলি আছে বিভিন্ন তথা কথিত হাদিস, ফিকা, মছলাৰ কিতাপ সমূহৰ সৈতে। কিন্তু যিসকল জ্ঞানিলোক আছে তেওঁলোকে একো নেভাৱে নেকি?
(🔰কথাটো গভীৰভাৱে ভাৱিব).
.
🔵(হাদিসৰ অনুসন্ধানত)
✒comp✒edit✒writer✒syedraf✒
.
(লিখনীৰ আঁৰৰ বিশেষজ্ঞসকলঃ
মুক্তাবুল হুছেইন(ভাৰত), ছুৱেব আব্দুল্লাহি(ঘানা), ৱাহিদুজ্জ জামান(বাংলাদেশ), মহম্মদ শেখ (নিউয়ৰ্ক)।
ক্ৰমশঃ...
.
ক্ৰমিক নংঃ-6-(যোৱা সংখ্যাৰ পিছৰ পৰা...)
🔴"আহছানাল-হাদিস"
⬇⬇
বিশ্বব্রহ্মাণ্ডৰ সকলো ক্ষেত্ৰতেই একমাত্ৰ এল্লাহৰ হুকুম চলে। এই হুকুমৰ অধিকাৰ তেওঁ কাকো দিয়া নাই, আনকি কোনো ৰছুলকো। মহম্মদে(আঃছাঃ) কাকো ক'ব নোৱাৰেযে "লা ইলাহা ইলল্লাহ-لاَ إِلَهَ إِلاَّ اللَّ-" পঢ়ি দিলেই দুজখৰ জুই নুমাই যাব(প্ৰক্ষাৰন্তে জন্নতৰ দৰজা যেন খুল খাই যাব)( "Allah has forbidden the (Hell) fire for those who say, 'None has the right to be worshipped but Allah')। এইবোৰ সহীৰ নামত কোৰআনৰ লগত পৰস্পৰবিৰোধী (contradictory) হাদিস📌।
মিছা বেহেস্তৰ লোভ দেখুৱাই যিদৰে বুখাৰি চাহাবহঁতে ৰছুলৰ নামত মিছাক সহীৰ লেবেল মাৰিছিল তেনেকৈ চুফীবাদো তেনে এটা তৰীকা📌।
চুফীবাদৰ এটা উদাহৰণ, যিটো কোৰআনৰ লগত পৰস্পৰবিৰোধী(contradictory):-
"Submission and allegiance to a sheikh
In Sufism, the Sheikh (or Wali) is given a similar standing as that of a Catholic Saint, or the Dalai Lama.
A complete bond of submission is formed between the head of the Sufi order (the ‘Sheikh’) and the Mureed (follower). This takes place during the Covenant ceremony. During this ceremony, which is common among all Sufi orders, the follower pledges complete and unconditional allegiance, obedience and loyalty to the sheikh. Any questions are deemed as a betrayal of trust. The follower must submit to the will of the sheikh and to obey him in all his orders and advice, without ever questioning him!
After that the sheikh recites:
Those who pledge allegiance to you are in fact pledging allegiance to God. 48:10
The words in 48:10 are clearly taken out of context(🌻 📌). These words do not speak about allegiance to any Sufi sheikh, but in this verse God is addressing prophet Muhammad regarding those who pledged their allegiance to him during one of the battles. The words that follow in verses 11 and 12 confirm this matter.
As for full life long allegiance and submission, the Quran preaches total allegiance and submission to none other than God. The idea of needing a sheikh to guide us and deliver us from harm is an invitation to idol worship. A true believer knows that he needs none other than God."(🌻কোৰআন বৰ্ণনাৰ বাবে বিষয়বস্তু আৰু প্রসঙ্গ-content and context অত্যন্ত জৰুৰী যাৰ অবিহনে কোৰআন বুজিব নোৱাৰে)।
.
আমি আলোচনা কৰিছিলো "চুন্নাতুল্লাহ"ৰ ওপৰত। ইয়াৰ দ্বাৰা এল্লাহে চাৰি প্ৰকাৰে গোটেই কোৰআন মুজিদক নিজৰ মুঠিত ৰাখিছে। "চুন্নাতুল্লাহ"ৰ কোনো পৰিবৰ্তন নাই, আগৰ নবী/ৰছুল📌📙পৰা মহম্মদ আঃছাঃলৈ একেই আছে।(📙নবী আৰু ৰছুল মিল/অমিল বোৰ পাছলৈ থাকিল)।
.
(📌=এই চিহ্ন থকাবোৰ পিছলৈ আলোচনা কৰা হ'ব)।
.
🔵(হাদিসৰ অনুসন্ধানত)
✈comp✈edit✈writer✈syedraf✈
.
(লিখনীৰ আঁৰৰ বিশেষজ্ঞসকলঃ
মুক্তাবুল হুছেইন(ভাৰত), ছুৱেব আব্দুল্লাহি(ঘানা), ৱাহিদুজ্জ জামান(বাংলাদেশ), মহম্মদ শেখ (নিউয়ৰ্ক)।
ক্ৰমশঃ...
Comments
Post a Comment